জোনাইত অগ্নিকাণ্ডত ছাৰখাৰ ব্যৱসায়িক প্ৰতিষ্ঠান...

জোনাইৰ জোণকাৰেঙত শনিবাৰে নিশা সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড।

author-image
Asomiya Pratidin
New Update
জোনাইত অগ্নিকাণ্ডত ছাৰখাৰ ব্যৱসায়িক প্ৰতিষ্ঠান...

ডিজিটেল সংবাদ, ধেমাজি : জোনাইৰ জোণকাৰেঙত শনিবাৰে নিশা সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড। চাৰখাৰ হ'ল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান। অগ্নিকাণ্ডৰ ফলত বিনিষ্ট হয় কোটি টকাৰ সম্পত্তি।

ঘটনা অনুসৰি ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে থকা জোনকাৰেং তিনি আলিৰ এখন দোকানত হঠাৎ অগ্নিৰ সূত্ৰপাত হয়। জুইৰ সৰ্বগ্ৰাসী শিখা দোকানৰ কাষতে লাগি থকা আন কেইবাখনো দোকানলৈ বিয়পি পৰে ৷ যাৰ বাবে ভয়াৱহ জুইত চকুৰ পচাৰতে ভষ্মীভূত হয় দোকানকেইখন।

ছাইলৈ পৰ্যবসিত হোৱা দোকানকেইখন আছিল গেলামাল, হোটেল, কম্পিউটাৰ, সূতা আদিৰ ৷ নিমিষতে জাহ গ'ল দোকানকেইখনৰ কেইবা কোটি টকাৰ সম্পত্তি। ঘটনাৰ পিছতেই কান্দোনত ভাগি পৰিছে ক্ষতিগ্ৰস্ত দোকানৰ গৰাকীসকল ৷

Also Read: চাকৰিৰ পৰা বৰ্খাস্ত SI নিপু কলিতাক; জনালে জি পি সিঙে...

jonai