নিৰ্বাচনী বতাহৰ মাজত জোনাইত বিহু কৰ্মশালা...

নিৰ্বাচনী বতাহৰ মাজত জোনাইত বিহু কৰ্মশালা...

ডিজিটেল সংবাদ, জোনাইঃ ৰাজ্যৰ চাৰিওপিনে নিৰ্বাচনৰ জ্বৰ৷ নিৰ্বাচনী প্ৰচাৰে গৰম কৰি তুলিছে অসমৰ পৰিৱেশ৷ পিছে এই নিৰ্বাচনী বতাহৰ মাজতো অসমীয়াই পাহৰা নাই ৰঙালী বিহুক ৷ অসমীয়াৰ বাপোতি সাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকাৰ সময়তে ৰাজ্যৰ চৌদিশে এতিয়া দেখিবলৈ পোৱা গৈছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি।

তাৰ সমান্তৰালকৈ জোনাইতো বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যোৱা ২৬ মাৰ্চৰ পৰা এসপ্তাহ ধৰি অনুষ্ঠিত হৈ আছিল বিহু নাচ, পেঁপা, বাঁহী আৰু ঢোল বাদন কৰ্মশালা।

নৱ প্ৰজন্ম তথা উঠি অহা কণ কণ শিশুসকলক বিহুৰ প্ৰতি অধিক আগ্ৰহী কৰাৰ মানসেৰে বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বেৰা মিলন উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা এই বিহু কৰ্মশালাখন সোমবাৰে সফল সামৰণি পৰে।

বান বিধ্বস্ত তথা জোনাইৰ অতি ভিতৰুৱা অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা কণ কণ শিশুসকলে অংশগ্ৰহণ কৰা এই বিহু নাচ কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে জোনাইৰ জীয়ৰী সোনমনি দুৱৰী আৰু ঢোল বাদনৰ প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে চিন্ময় বুঢ়াগোহাঁই আৰু ভিভিয়ান বুঢ়াগোহাঁইয়ে।

ইফালে এই কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী বিহুৱতীৰ লগতে ঢোল বাদক, পেঁপা আৰু বাঁহী বাদকসকলক কৰ্মশালাৰ অন্তিম দিনাখন বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।

নিৰ্বাচনী বতাহৰ মাজত জোনাইত বিহু কৰ্মশালা...
গোলাঘাটত নিচাজাতীয় সামগ্ৰী সহ বাইক চোৰ গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in