গোলাঘাটত নিচাজাতীয় সামগ্ৰী সহ বাইক চোৰ গ্ৰেপ্তাৰ...

গোলাঘাটত নিচাজাতীয় সামগ্ৰী সহ বাইক চোৰ গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটত দুৰ্ধৰ্ষ বাইক চোৰক ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ডিমাপুৰৰ পৰা আঠটাকৈ কণ্টেইনাৰত বৃহৎ পৰিমাণৰ হিৰোইন লৈ আহি থকা অৱস্থাত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ জুৰিয়াদলং অঞ্চলত গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত গোলাঘাট আৰু বগীজান আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি দুৰ্দৰ্ষ ড্ৰাগছ ব্যৱসায়ী, বাইকচোৰ অজয় সিঙক গ্ৰেপ্তাৰ কৰে।

দুৰ্ধৰ্ষ চোৰ অজয় সিঙৰ ঘৰ যোৰহাট নেফা গেটত বুলি জানিব পৰা গৈছে। ডিমাপুৰৰ পৰা AS01 E V 3054 নম্বৰৰ এখন স্কুটী চুৰ কৰি লৈ আহি থকা অৱস্থাত আৰক্ষীয়ে অজয় সিঙক ধৰিবলৈ সক্ষম হয়। উল্লেখ এই দুৰ্ধৰ্ষ চোৰটোৰ বিৰুদ্ধে পূৰ্বেও কেইবাখনো থানাত গোচৰ ৰুজু হৈছে।

গোলাঘাটত নিচাজাতীয় সামগ্ৰী সহ বাইক চোৰ গ্ৰেপ্তাৰ...
কলংপাৰ কাকতৰ মুখ্য সম্পাদক ডo আবু হানিফাৰ স্মৃতিচাৰণ অনুষ্ঠান...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in