ধেমাজিত জয়ন্ত কুমাৰ বড়াৰ  শ্ৰদ্ধাঞ্জলি  অনুষ্ঠান : স্মাৰক গ্ৰন্থ 'জয়ন্ত' উন্মোচন

ধেমাজিত জয়ন্ত কুমাৰ বড়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান : স্মাৰক গ্ৰন্থ 'জয়ন্ত' উন্মোচন

ডিজিটেল সংবাদ, ধেমাজি: ধেমাজিৰ স্কাউট গাইডৰ পিতামহ তথা বিশিষ্ট সমাজকৰ্মী অৱসৰপ্ৰাপ্ত শিক্ষক জয়ন্ত কুমাৰ বড়াৰ আদ্যশ্ৰাদ্ধৰ উপলক্ষে সোমবাৰে ধেমাজিৰ নলনীপামস্থিত নিজা বাসগৃহত এক শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰন অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ এই উপলক্ষে নিতু বৰগোহাঁইৰ সম্পাদনাত পৰিয়ালৰ লোকে প্ৰকাশ কৰি উলিওৱা 'জয়ন্ত' নামৰ স্মৃাৰক গ্ৰন্থখন উন্মোচন কৰে ধেমাজিৰ প্ৰবীন সাংবাদিক, শিক্ষাবিদ, সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়াই ৷

গ্ৰন্থখন উন্মোচন কৰি চেতিয়াই কয় যে, স্কাউট গাইডকে নিজৰ জীৱনৰ ব্ৰত বুলি ভবা জয়ন্ত কুমাৰ বড়াই সামাজিক জীৱনত তেওঁ বিশেষকৈ বিদ্যালয়ত শিক্ষকতা কৰি থকা সময়তে ২০০২ চনত তেওঁ ভাৰত স্কাউট এণ্ড গাইডৰ প্রশিক্ষণ গ্ৰহন কৰে । ১২০টা গ্ৰুপত তেওঁ প্রশিক্ষণ গ্ৰহন কৰিছিল ৷

প্ৰশিক্ষণৰ পৰা আহিয়েই তেওঁ ধেমাজিৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ফটিক দলে, জিলা চ’ছিয়েল ট্ৰেনিং কমিউচনাৰ মোহন শইকীয়া, জিলা ট্ৰেনিং কমিউচনাৰ গাইড দিব্য গগৈ, জিলা চ’ছিয়েল এণ্ড গাইড ছেক্ৰেটাৰী মিলন গোহাঁইৰ নেতৃত্বত ৩২ জনীয়া ২টা গ্রুপ ভাৰত স্কাউট ট্ৰপ, গাইড কোম্পানী খুলিছিল ৷ তেতিয়াৰ পৰা অৰ্থাৎ ২০০৩ চনৰ পৰা একাদিক্রমে প্ৰত্যেক বছৰৰ ১৫ আগষ্টৰ ভাৰতৰ স্বাধীনতা দিৱস আৰু ২৬ জানুৱাৰীৰ গণতন্ত্র দিৱসৰ কাৰ্যসূচীত বিদ্যালয়ৰ দুয়োটা দলেই অংশগ্রহণ কৰি আহিছে।

বড়াৰ নেতৃত্বত প্রতি বছৰে জিলা ভিত্তিত পালন কৰি অহা দেশৰ দুয়োটা দিৱসতে দুয়োটা দলৰ ভিতৰত এটা দলে কুচ-কাৱাজ অনুষ্ঠানত পুৰস্কাৰ লাভ কৰি আহিছে । ইফালে ২০১২ চনত অৱসৰ পিছতো তেওঁ মৃত্যু পৰ্যন্ত ধেমাজি টাউন হাইস্কুলত স্কাউট মাষ্টৰ হিচাপে কাম কৰি আহিছিল জয়ন্ত কুমাৰ বড়াই ৷

সোমবাৰে স্মৃতিচাৰন অনুষ্ঠানৰ আঁত ধৰে কুমাৰ ভাস্কৰবৰ্ম বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° অজিত ভৰালীয়ে ৷ স্মৃতিচাৰন সভাত ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক চন্দ্ৰ বৰুৱা, বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জ্যোৎস্না বৰগোহাঁই, বিশিষ্ট সমাজকৰ্মী ইন্দ্ৰ দলে, অৱসৰপ্ৰাপ্ত শিক্ষক মোহন শইকীয়া,ধেমাজি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী বন্দনা দত্ত হাজৰিকা, ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দিপেন দত্ত, ধেমাজি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ দিব্য গগৈ আদি বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে ৷ স্মৃতিচাৰন সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে জয়ন্ত কুমাৰ বড়াৰ সহধৰ্মিণী দুৰ্গেশ্বৰী বড়াই ৷

ধেমাজিত জয়ন্ত কুমাৰ বড়াৰ  শ্ৰদ্ধাঞ্জলি  অনুষ্ঠান : স্মাৰক গ্ৰন্থ 'জয়ন্ত' উন্মোচন
দক্ষিণ ভাৰতত 'মিচাউঙ'ৰ তাণ্ডৱ : বৰ্তমানলৈ নিহত ৩জন
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in