লক্ষীপথাৰ সপ্তাহিক বজাৰত মুকলি জুৱাঃ দুই জুৱাৰী হ'ল আৰক্ষীৰ আলহী...

লক্ষীপথাৰ সপ্তাহিক বজাৰত মুকলি জুৱাঃ দুই জুৱাৰী হ'ল আৰক্ষীৰ আলহী...

author-image
Asomiya Pratidin
New Update
লক্ষীপথাৰ সপ্তাহিক বজাৰত মুকলি জুৱাঃ দুই জুৱাৰী হ'ল আৰক্ষীৰ আলহী...

লক্ষীপথাৰ সপ্তাহিক বজাৰত মুকলি জুৱাঃ দুই জুৱাৰী হ'ল আৰক্ষীৰ আলহী...

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি সদৰ আৰক্ষী থানাৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ লক্ষীপথাৰ সপ্তাহিক বজাৰত মুকলিকৈ চলিছে জুৱাৰ আড্ডা। বুধবাৰে আৰক্ষীয়ে বজাৰখনৰ পৰা তেনে এক জুৱাৰ আড্ডা উৎখাত কৰিবলৈ সক্ষম হৈছে।

Advertisment

উল্লেখ্য যে, এই বজাৰখনত মুকলিকৈ হাজাৰ হাজাৰ টকা ঝাণ্ডি মুণ্ডা খেলি থকা অৱস্থাতে বিয়লি প্ৰায় ৩ বজাত ধেমাজি সদৰ আৰক্ষী থানাৰ এটা দলে অভিযান চলাই দুই জুৱাৰীক হাতে-লুটে আটক কৰাৰ লগতে ঝাণ্ডি মুণ্ডাৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰোপৰি আৰক্ষীৰ দলটোৱে জুৱাৰী দুটাৰ পৰা নগদ ২৫ হাজাৰ ৬৪০ টকাসহ দুটা মোবাইল ফোনো জব্দ কৰিছে। আটকাধীন জুৱাৰী দুজন ক্ৰমে চন্দ্ৰ লালুং আৰু দিগন্ত পেগু বুলি চিনাক্ত কৰা হৈছে।

Also Read: চুড়াচান্দপুৰত স্নাইপাৰৰ গুলীত নিহত আৰক্ষী বিষয়াঃ আহত ২ জন...

জুৱা খেল