চুড়াচান্দপুৰত স্নাইপাৰৰ গুলীত নিহত আৰক্ষী বিষয়াঃ আহত ২ জন...

চুড়াচান্দপুৰত স্নাইপাৰৰ গুলীত নিহত আৰক্ষী বিষয়াঃ আহত ২ জন...

author-image
Asomiya Pratidin
New Update
চুড়াচান্দপুৰত স্নাইপাৰৰ গুলীত নিহত আৰক্ষী বিষয়াঃ আহত ২ জন...

চুড়াচান্দপুৰত স্নাইপাৰৰ গুলীত নিহত আৰক্ষী বিষয়াঃ আহত ২ জন...

ডিজিটেল সংবাদ বেকাজানঃ এতিয়াও শান্ত হোৱা নাই মণিপুৰ। অব্যাহত আছে হিংসাত্মক ঘটনা। তাৰেই পৰিণতিত বুধবাৰে মৃত্যুক সাৱটিলে এগৰাকী আৰক্ষী বিষয়াই।

Advertisment

ক্ষুদ্ৰ ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাৰ চিংফেই বাংকাৰত কৰ্তব্যৰত হৈ থকা এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকক১৩ ছেপ্টেম্বৰ, বুধবাৰে বিয়লি দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ এক ঘটনা সংঘটিত হৈছে। জানিব পৰামতে স্নাইপাৰে দুপৰীয়া প্ৰায় ১ বজাৰ পৰা ১.৩০ বজাৰ ভিতৰত অনখোমাং নামৰ এই আৰক্ষী বিষয়াজনৰ মূৰত গুলীয়াই হত্যা কৰে।

আনহাতে এই ঘটনাত আন দুজন লোকো আঘাতপ্ৰাপ্ত হৈছে। উল্লেখযোগ্য যে, মঙলবাৰে পুৱা কাংপকপি জিলাত অচিনাক্ত লোকে তিনিজন জনজাতীয় লোকক গুলীয়াই হত্যা কৰাৰ আন এক ঘটনা সংঘটিত হৈছিল।

এই ঘটনাৰ মাত্ৰ এটা নিশাৰ পাছতেই পুনৰ সংঘটিত হ'ল এই হত্যাকাণ্ড। ইয়াৰ উপৰিও যোৱা ৮ ছেপ্টেম্বৰত টেংগন’পাল জিলাৰ পালেলত আন এক ঘটনাত তিনিজনকৈ লোক নিহত হোৱাৰ লগতে ৫০ জনৰো অধিক লোক আহত হৈছিল।

মণিপুৰ