জয় শ্ৰী ৰাম ধ্বনিৰে মুখৰিত চিলাপথাৰৰ আকাশ-বতাহ

শোভাযাত্ৰাত বিজেপিৰ কৰ্মকৰ্তা-সমৰ্থকৰ লগতে বৃহত্তৰ চিলাপথাৰ অঞ্চলৰ বিভিন্ন দল সংগঠনে সহযোগ কৰে। জয় শ্ৰী ৰাম,ভগৱান ৰাম কি জয়, দশৰথ পুত্ৰ ৰাম কি জয় আদি বিভিন্ন শ্লগান আৰু গীত গাই উত্তাল পৰিবেশৰ সৃষ্টি কৰে। সৰ্বত্ৰ গেৰুৱা হৈ পৰে চিলাপথাৰ।

author-image
Asomiya Pratidin
New Update
জয় শ্ৰী ৰাম ধ্বনিৰে মুখৰিত চিলাপথাৰৰ আকাশ-বতাহ

ডিজিটেল সংবাদ ,চিলাপথাৰঃ অহা ২২ জানুৱাৰীত উত্তৰ প্ৰদেশৰ অযোধ্যাত মৰ্য্যদা পুৰুষোত্তম ভগৱান শ্ৰী ৰামৰ মন্দিৰ আৰু প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰাকক্ষণত শনিবাৰে চিলাপথাৰত উলিওৱা হয় এক বিশাল শোভাযাত্ৰা। চিলাপথাৰ দঞি প'ল সাংস্কৃতিক প্ৰকল্পৰ পৰা চ'ছাইটিৰ ৰামকৃষ্ণ মিশ্বন মন্দিৰলৈকে উলিওৱা হয় এই শোভাযাত্ৰা।

Advertisment

শোভাযাত্ৰাত ভাগ লৈ জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুবন পেগুৱে কয় - 'এয়া ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ প্ৰতীক ভগৱান ৰামৰ প্ৰাণ প্রতিষ্ঠাৰ দিন। ৫৫০ বছৰীয়া প্রচেষ্টাই বাস্তৱ ৰূপ লৈছে।' অহা ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰাকক্ষণত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ওলাই অহাত বিধায়াকগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে।

শোভাযাত্ৰাত বিজেপিৰ কৰ্মকৰ্তা-সমৰ্থকৰ লগতে বৃহত্তৰ চিলাপথাৰ অঞ্চলৰ বিভিন্ন দল সংগঠনে সহযোগ কৰে। জয় শ্ৰী ৰাম,ভগৱান ৰাম কি জয়, দশৰথ পুত্ৰ ৰাম কি জয় আদি বিভিন্ন শ্লগান আৰু গীত গাই উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। সৰ্বত্ৰ গেৰুৱা হৈ পৰে চিলাপথাৰ।

শোভাযাত্ৰাত উলিওৱা জীৱন্ত ৰাম,লক্ষণ,সীতা আৰু হনুমানৰ প্ৰতিমূৰ্তিয়ে ৰাইজক বাৰুকৈ আকৰ্ষিত কৰে তোলে। লক্ষণীয়ভাৱে এই শুভাযাত্ৰাত একাংশ ইছলাম ধৰ্মাৱলম্বী লোকেও অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

Also Read: বঢ়মপুৰত এন পি এছ বাতিলৰ দাবীত শিক্ষকৰ কৰ্মবিৰতি

ram mandir jai shree ram bjp