/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/619d67ba-35c5-4987-a177-dc3ca4b1bd17/dhemaji_28.jpg)
ডিজিটেল সংবাদ ধেমাজি: আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ধেমাজি জিলা প্ৰশাসন, ধেমাজি কৃষি বিভাগ আৰু কে.ই কাল্টিভেশ্যনৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান( NMEO-OP) আচঁনিৰ অধীনত অসম অৰুণাচলৰ সীমান্তবৰ্তী অঞ্চলৰ লক্ষীপথাৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত বেচামৰা গাঁৱত বৃহস্পতিবাৰে তৈল খেজুৰ গছ ৰোপণৰ আনুষ্ঠানিকভাৱে ফিটাকাটি শুভাৰম্ভণী কৰে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/fe4c1bcc-948e-4aae-98de-6fa17c3ca097/e969e455_46c0_4a93_a0e8_5698d12e16f3.jpg)
এই উপলক্ষে অনুষ্ঠিত শুভাৰম্ভণি সভাত বিধায়ক পেগুৱে কয় যে, কোনো উদ্যোগবিহীন ধেমাজি জিলাত ৰাইজে তথা কৃষকসকলে কেৱল খেতিৰ ওপৰতে নিৰ্ভৰশীল হ'ব লগা হয় ৷ সেইয়ে ইয়াৰ বিকল্প কৃষি হিচাপে তৈল খেজুৰ খেতি কৰা প্ৰয়োজনৰ সম্পৰ্কে উল্লেখ কৰি ধেমাজিৰ কৃষকসকলক তৈল খেজুৰ ৰোপণৰ প্ৰশিক্ষণ দি সজাগতা সৃষ্টি আৰু তৈল খেজুৰ খেতি কৰাৰ বাবে সহযোগিতা কৰাৰ উপৰিও উৎপাদিত সামগ্ৰীৰ বাবে প্ৰয়োজনীয় এখন বজাৰৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি অৱগত কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/dbc45cea-a967-4bbb-979a-89349508f5da/03556606_8cf4_4115_8f6d_c0646ff6ce0f.jpg)
আৰু এই তৈল খেজুৰৰ পৰা প্ৰস্তুত হ'বলগা মিঠাতেল স্বাদ সদৃশ তেলৰ দ্বাৰা ধেমাজিৰ কৃষকসকলে আত্মনিৰ্ভৰশীল হ'ব পাৰিব বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে ৷ বক্তব্যত তেওঁ চলিত বৰ্ষত ধেমাজি জিলাত ৬৩ জন খেতিয়কৰ দ্বাৰা ৬৯ হেক্টৰ তৈল খেজুৰ গছ ৰোপণ কৰিব বুলি জানিবলৈ দিয়ে।
তেওঁ কয়, এই উৎপাদিত সামগ্ৰীৰ বাবে প্ৰয়োজনীয় এখন বজাৰ সৃষ্টি কৰাৰ বাবে K E CULTIVATION PVT. LIMITED নামৰ এটা কোম্পানীয়ে দায়িত্ব লাভ কৰিছে। তেওঁলোকে বিভিন্ন স্হানত তৈল খেজুৰৰ নাৰ্চাৰী নিৰ্মাণ কৰিছে বুলিও উল্লেখ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/24562cd1-35b1-477b-a4c4-6ee34683d475/1646848f_3942_45e8_b509_7ab0be096d91.jpg)
ইয়াৰ পূৰ্বে ধেমাজি জিলা কৃষি বিষয়া নৰনাথ পেগুৱে উদ্দেশ্য ব্যাখ্যাত ধেমাজিৰ সীমান্তৱৰ্তী জয়ৰামপুৰৰ পৰা বেচামৰা হৈ লিকাবালি পৰ্যন্ত তৈল খেজুৰ গছ ৰোপণ কৰিব ধেমাজি জিলা কৃষি বিভাগে ৷ চলিত ২০২২-২৩ বৰ্ষত ১০০ হেক্টৰ ,২০২৩-২৪ বৰ্ষত ৭০০ হেক্টৰ ,২০২৪-২৫ বৰ্ষত ৭০০০ হেক্টৰ আৰু ২০২৫-২৬ বৰ্ষত ৭২০০ হেক্টৰকে ধৰি মুঠ ১৫০০০ হেক্টৰ তৈল খেজুৰ ৰোপণৰ বাবে আচঁনি লৈছে বুলি উল্লেখ কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/163d4ebc-8654-4847-9222-14c43fbb3569/5cb87198_8c2b_450f_b94c_6d6e7501740b.jpg)
শুভাৰম্ভণি সভাত ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালী , কে.ই কোম্পানীৰ প্ৰতিনিধি পংকজ চন্দক , কৃষি বিজ্ঞান কেন্দ্ৰ প্ৰধান তথা জ্যেষ্ঠ বিজ্ঞানী গুঞ্জন গগৈয়ে বক্তব্য ৰাখে ৷ সভাত ধেমাজি জিলা অতিৰিক্ত জিলা আয়ুক্ত ঋতুপল্লৱ বৰুৱা ,ধেমাজি জিলা নগৰ উন্নয়ন প্ৰাধিকৰনৰ সভাপতি তোলন কোৱঁৰ ,কে.ই কোম্পানীৰ সঞ্চালক গৌতম গোয়েংকা, আঞ্চলিক পঞ্চায়তৰ সভাপতি দেৱ পেগু,মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ যজ্ঞেশ্বৰ কুটুম , কৃষি বিভাগ আৰু জিলা প্ৰশাসনৰ অন্যান্য বিষয়া কৰ্মচাৰীসকলৰ লগতে জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা অহা ভালে সংখ্যক কৃষক ৰাইজে উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/f8bc6366-732d-4d5f-a80c-bb98a59f404c/7fca42c1_7471_4d98_9a28_4a61658d7448.jpg)