/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-31/ywfgpuzz/0354f721-e1bc-41f4-ad4a-3aa1f465b4cd.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজিৰ বহুকেইজন দূৰদৰ্শী ব্যক্তিৰ নেতৃত্বত ১৯৪৯ চনত মধ্য ইংৰাজী শিক্ষাৰ পাতনি মেলি ধেমাজি মধ্য ইংৰাজী বিদ্যালয়ৰ ভেটিতে এদিন আৰম্ভ হৈছিল ধেমাজি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাঠদান। বহুজনৰ শ্ৰম আৰু ত্যাগৰ ফলত স্থাপিত বিদ্যালয়খনে এক দীর্ঘ পৰিক্ৰমা অতিক্রমী ১৯৮৫ চনত উচ্চতৰ মাধ্যমিক পর্যায়লৈ উন্নীত হৈছিল।
প্রতিষ্ঠাকালৰ পৰা জ্ঞানৰ আলোকেৰে শত সহস্ৰজনক জীৱন-জীৱিকাৰ সন্ধান দিয়াৰ লগতে ধেমাজি অঞ্চলৰ বৌদ্ধিক সমৃদ্ধিৰ ক্ষেত্ৰতো বিদ্যালয়খনৰ অৱদান অপৰিসীম। বিদ্যালয়খনিৰ আলোক জ্যোতিৰে প্ৰোজ্জ্বল প্রাক্তন ছাত্র-ছাত্রী সকলেও ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱ ধ্বজা উৰুৱাই দেশে-বিদেশে বিভিন্ন ক্ষেত্ৰত নেতৃত্ব বহন কৰি পৰিৱৰ্তনশীল সমাজ ব্যৱস্থাক আগুৱাই নিছে।
ঐতিহ্যমণ্ডিত বিদ্যালয়খনে ৭৫ টা বছৰ পূৰ্ণ কৰা উপলক্ষে বৃহস্পতিবাৰে দিনটোজোৰা কাৰ্যসূচীৰে মহাৰজত জয়ন্তীৰ শুভাৰম্ভণী অনুষ্ঠান অনুষ্ঠিত হয় ৷ পুৱা ৭.০০ বজাত বিদ্যালয় চৌহদত নিকাকৰণ কৰাৰ পাছতেই পুৱা ৯.০০ বজাত শুভাৰম্ভণী অনুষ্ঠানলৈ আমন্ত্ৰিতসকলক আনুষ্ঠানিক আদৰণি পৰ্ব অনুষ্ঠিত হয় ৷
পুৱা ৯.৩০ বজাত প্রয়াত ২৭ জন শিক্ষাগুৰু, কৰ্মচাৰী আৰু সতীৰ্থসকলৰ পবিত্ৰ স্মৃতিত শ্রদ্ধাঞ্জলী অনুষ্ঠানৰ তৰ্পণ কৰে জ্যেষ্ঠ প্রাক্তন ছাত্র ক্ৰমে চন্দ্ৰকান্ত কোঁৱৰ, ভোগেন চন্দ্র কোঁৱৰ, নন্দেশ্বৰ দেউৰী, উমেশ চন্দ্র চেতিয়া, কমল চন্দ্র বাইলুং আৰু 'সতীৰ্থৰ বৰ্ষ সমন্বয়ক সকলে ৷ পুৱা ১১.০০ বজাত মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা শিক্ষামন্ত্ৰী, ধেমাজিৰ বিধায়ক ডাঃ ৰনোজ পেগুৱে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-31/02oqmtzr/f5c2a4b4-c507-4007-a01e-f9ef45109448.jpg)
বিদ্যালয়ৰ পতাকা উত্তোলন কৰে ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষা দেৱজ্যোতি কছাৰীয়ে ৷ সমান্তৰালভাৱে ৭৪ খন পতাকা উত্তোলন কৰে জিলাখনৰ ৭৪ গৰাকী বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে ৷
ইয়াৰ পাছতেই বিদ্যালয় সংগীত পৰিৱেশন কৰে । কুচ-কাৱাজ আৰু অভিবাদন গ্রহণ কৰাৰ পাছত সমাৰোপন নৃত্য, লোক-কৃষ্টি প্রদর্শন কৰা হয় ৷ পুৱা ১.০০ বজাত মহাৰজত জয়ন্তীৰ উদ্বোধনী আৰু মুকলি সভা আৰম্ভ হয় ৷ মহাৰজত জয়ন্তীৰ শীৰ্ষ গীত পৰিৱেশন কৰাৰ পাছতেই গৌৰৱোজ্জ্বল স্মৃতিগাথা নামৰ এখন আলেখ্য জোনমনী হাজৰিকাৰ ৰচনা আৰু কৃষ্ণা দিহিঙীয়া দাসৰ পৰিচালনাত প্ৰদৰ্শন কৰা হয় ৷
মুকলি সভাত আদৰণী অভিভাষণ প্ৰদান কৰে বিদ্যালয়ৰ অধ্যক্ষ দেৱজ্যোতি কছাৰীয়ে ৷ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি নবীন কামানৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাত নৰ্থ লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা শিক্ষাবিদ ড° মুকুন্দ্ৰ ৰাজবংশীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি শিক্ষাই মানুহক মুল্যবান জীৱন গঢ়াত সহায় কৰাৰ লগতে ইয়াৰ তাত্ত্বিক দিশ আৰু বতৰ্মান শিক্ষা ব্যৱস্থাৰ বানিজ্যিককৰণ হোৱাৰ কথা উল্লেখ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-31/c5ijmyyf/ffdf385e-f263-4dd0-a197-7b2581f6e636.jpg)
মুকলি সভাত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° অমিয়া ৰাজবংশী, ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তেতিয়াৰ প্ৰতিষ্ঠাক প্ৰধান শিক্ষক যতীন্দ্ৰনাথ গগৈ পুত্ৰ অৱসৰপ্ৰাপ্ত অভিযন্ত্ৰা হেমন্ত কুমাৰ গগৈ আৰু বোৱাৰী অৱসৰপ্ৰাপ্ত অধ্যাপিকা শিৰণময়ী গগৈ , প্ৰাক্তন ছাত্ৰ তথা ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নন্দেশ্বৰ দেউৰীয়ে বক্তব্য ৰাখে ৷ সভাত তোলন কোঁৱৰ, উমেশ চেতিয়া, দিব্য গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক পদ্মেশ্বৰ দিহিঙীয়া , মহেন্দ্ৰ নাথ কোঁৱৰ , লাৱণ্য লাহন চুতীয়া , কৰ্ণ্দপ লাহন , বিমলা গগৈ গোহাঁই আৰু আমন্ত্ৰিত সকলে অংশগ্ৰহণ কৰে ৷
সভাত প্রয়াত শিক্ষাগুৰুসকলৰ পৰিয়ালবৰ্গ, অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকল, প্রাক্তন ছাত্র-ছাত্রী (সতীর্থ) সকল উপস্থিত থাকে ৷ মুকলি সভাৰ আঁত ধৰে আকাশবন্তী গগৈ আৰু পংকজ চেতিয়াই ৷
আবেলি ৩:৩০ বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ সন্ধিয়া ৫:০০ বজাত বিদ্যালয়-চৌহদত বন্তি প্রজ্জ্বলন কৰে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে ৷
Also Read: মহানগৰীৰ বেহাৰবাৰীত ভয়ংকৰ অগ্নিকাণ্ড