ডিজিটেল সংবাদ জোনাই: হৃদয় বিদাৰক, মৰ্মান্তিক দৃশ্য। জোনাইত ফ'ৰলেন নিৰ্মাণৰ নামত বৰ্ষাৰণ্য পবাত মূল্যৱান গছ কাটি অবাধে চলাইছে বন ধ্বংসযজ্ঞ। ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাইত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা ফ'ৰলেনলৈ সম্প্ৰসাৰণৰ নামত জোনাই সমজিলাৰ একমাত্ৰ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ মূল্যৱান গছ-গছনি কাটি এফালৰ পৰা বন ধ্বংসযজ্ঞই প্ৰকৃতি প্ৰেমী সংগঠন -ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা কুলাজানৰ পৰা অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অয়ানলৈ ফ'ৰলেন নিৰ্মাণৰ নামত বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ প্ৰকাণ্ড প্ৰকাণ্ড মূল্যৱান গছ কটি পেলোৱা হৈছে। আজিৰে পৰা পবা সংৰক্ষিত বনাঞ্চলৰ লেকু বন খণ্ডৰ অন্তৰ্গত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মূল্যৱান গছ কটা আৰম্ভ কৰিছে।
৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথখন পবা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰে পাৰ হৈছে। ফৰলেন নিৰ্মাণৰ নামত এই তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশত প্ৰায় ২০০ ফুট পবা সংৰক্ষিত বনাঞ্চলৰ অভ্যন্তৰলৈ গছ কটা আৰম্ভ কৰিছে। ফলত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা ফ'ৰলেন লৈ সম্প্ৰসাৰণৰ নামত শ শ মূল্যৱান গছ কাটি পেলোৱাৰ দৰে অবিবেচক, মৰ্মান্তিক ঘটনা সংঘটিত হৈছে।
প্ৰণিধানযোগ্য যে, কিছুদিন আগতে অসম চৰকাৰে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণাৰ আস্থা দি আনফালে ফৰলেণ্ড নিৰ্মাণৰ নামত পবা সংৰক্ষিত বনাঞ্চলৰ মূল্যৱান গছ কটা চৰকাৰৰ বিৰূপ স্থিতিক ৰাইজে চোকা সমালোচনা কৰিছে। উল্লেখযোগ্য যে বিগত বিধানসভাৰ শীতকালীন অধিবেশনত জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৰ প্ৰশ্নৰ উত্তৰ দি বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ আস্থা প্ৰদান কৰিছিল।
তদুপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক অসমৰ ১৮ সংখ্যক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। ৰাইজে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলখন ধেমাজি জিলাৰ প্ৰথমখন অভয়াৰণ্য হ'ব বুলি আশা কৰাৰ সময়তে ফ'ৰলেন নিৰ্মাণৰ নামত বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলত যধে মধে এফালৰ পৰা মূল্যৱান গছ কাটি পেলোৱাক ৰাইজে কোনোপধ্যেই সহজভাৱে ল'ব পৰা নাই।
পৰিৱেশ সংগঠন 'ছেভ পবা ৰেইন ফৰেষ্ট'-এ পূৰ্বৰ পৰাই বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ গছ নকটাকৈ ফ'ৰলেন সম্প্ৰসাৰণ কৰিবলৈ দাবী জনাই আহিছে। জোনাইৰ মুৰ্কংচেলেক ৰে'ল ষ্টেচনৰ পৰা পাছিঘাট লৈ ৰে'ল পথ সম্প্ৰসাৰণৰ কৰা পথৰ কাষৰে পবা সংৰক্ষিত বনাঞ্চলৰ গছ-গছনি নকটাকৈ ৫১৫ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ কৰিবলৈ দাবী জনাই আহিছে।
কিন্তু চৰকাৰে এই বিষয়ে কোনো গুৰুত্ব নিদি পথ নিৰ্মাণৰ নামত বন ধ্বংসক চোকা সমালোচনা কৰিছে। তদুপৰি ছেভ পবা ৰেইন ফৰেষ্টে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ গছ কটা শীঘ্ৰে বন্ধ কৰি বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু বন বিভাগৰ ওচৰত দাবী জনাইছে।