/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-23/leato1u6/college-23.jpg)
গড়গাঁও মহাবিদ্যালয়ত সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ অধিৱেশনৰ আৰম্ভ...
ডিজিটেল সংবাদ, শিৱসাগৰঃ ‘‘শিক্ষক-শিক্ষাৰ্থী-কৰ্মচাৰীৰ উমৈহতীয়া উদ্যোগ আৰু সমন্বিতে প্ৰয়াসে ৰাজ্যখনৰ উচ্চ শিক্ষাৰ ব্যৱস্থাত এক নতুন দিগন্ত আনিব’’ - সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ ৬৪ সংখ্যক অধিৱশেনৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যসূচী প্ৰতিনিধি সভাৰ উদ্বোধন কৰি এই মন্তব্য আগবঢ়াই গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ, কবি, নিবন্ধকাৰ ড০ সব্যসাচী মহন্তই৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-23/qgj186e0/1bbaed6f-2b8e-430d-a8e5-571fee057492.jpg)
ড০ মহন্তই লগতে কলেজ কৰ্মচাৰীসকলে ৰাজ্যখনত উচ্চ শিক্ষাৰ প্ৰসাৰ, মানবিশিষ্ট শিক্ষা ব্যৱস্থা প্ৰতিষ্ঠা তথা ফলপ্ৰসূ শিক্ষা ব্যৱস্থাপনা ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে বুলি দোহাৰে৷ উল্লেখ্যযোগ্য যে অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰৰ অন্যতম সংগঠন সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ ৬৪ সংখ্যক দ্বি-বার্ষিক কেন্দ্রীয় অধিৱেশনখনি মঙ্গলবাৰৰ পৰা বিস্তৃত আৰু বর্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰৰ গড়গাঁও মহাবিদ্যালয়ৰ আতিথ্যত অনুষ্ঠিত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-23/r11e0uhf/f0983efa-9c39-4482-a863-bd543133bd7e.jpg)
অধিৱশেনৰ প্ৰথম কাৰ্যসূচী ৰূপে পতাকা উত্তোলনত পুৱা সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ সভাপতি ৰমণী ৰাজবংশীয়ে সন্থাৰ মূল পতাকা, ড° সব্যসাচী মহন্তই অভ্যর্থনা সমিতিৰ পতাকা, সংশ্লিষ্ট মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলে শিৱসাগৰ জিলাৰ মহাবিদ্যালয়সমূহৰ পতাকা আৰু সংশ্লিষ্ট জিলা সভাপতি আৰু প্ৰতিনিধিসকলে সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ জিলা সমিতিসমূহৰ পতাকা উত্তোলন কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-23/mkijd7bo/b403d2f8-63de-433b-bec4-f1099af8c460.jpg)
উত্তোলন কাৰ্যসূচীত শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক প্ৰফুল্ল চন্দ্ৰ কলিতা, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰ জ্যোতি মহন্ত, বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ দিপালী নেওগ, নাজিৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰাজু ফুকন, জাঁজী হেমনাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মানজিৎ গগৈ, ডিমৌ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কৃষ্ণজ্যোতি সন্দিকৈৰ উপস্থিতিয়ে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷
ইয়াৰ পিছতে কৰ্মচাৰী সন্থাৰ কাৰ্যকৰী সভাপতি চিত্ৰৰঞ্জন কাকতি আৰু সাধাৰণ সম্পাদক গৌতম গগৈয়ে স্মৃতি তৰ্পণ আৰু শ্বহীদ তর্পণ কার্যসূচীত অংশ লয়৷ অধিৱশেনৰ প্রতিনিধি শিবিৰ মুকলি কৰে গড়গাঁও মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিমান চন্দ্র বৰুৱাই৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-23/bcdfk7ey/19fa2bba-7827-4d88-8ade-c27e77a8b77e.jpg)
শিৱিৰ মুকলি অনুষ্ঠানত শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ প্ৰফুল্ল চন্দ্ৰ কলিতাকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷ বিয়লি ভাগত প্ৰায় তিনি শতাধিক মহাবিদ্যালয়ৰ প্ৰতিনিধিৰ উপস্থিতত প্ৰতিনিধি সভা অনুষ্ঠিত হয়৷
সন্ধিয়ালৈ বন্তি প্রজ্বলন কার্যসূচী ৰূপায়ণ হোৱাৰ অন্তত গড়গাঁও মহাবিদ্যালয়খনৰ উপাধ্যক্ষ দিগন্ত কোঁৱৰে সঞ্চালনা কৰা এক অনুষ্ঠানত গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন কৰ্মচাৰীসকলৰ সম্বৰ্ধনা জনোৱা হয়৷ আজিৰ শেষ কাৰ্যসূচী ৰূপে নিশা সাংস্কৃতিক কোষৰ দ্বাৰা প্ৰথম দিনাৰ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়৷
সাংস্কৃতিক কাৰ্যসূচীত শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাকে প্ৰমুখ্য কৰি বহুসংখ্যক গণ্য-মান্য ব্যক্তি, মহাবিদ্যালয়ৰ প্ৰতিনিধিসমূহৰ প্ৰতিনিধিবৃন্দ উপস্থিত থাকে৷
Also Read: তাঞ্জিলক নবাব পাতিবলৈ পিছ দুৱাৰেদি কংগ্ৰেছ-AIUDF ৰ মিত্ৰতাৰ অভিযোগ BJP ৰ