/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/99b7811f-fb7c-444a-876d-f1a67e08c69e/1.jpg)
ডিজিটেল সংবাদ ,ধেমাজিঃ বৃহস্পতিবাৰে ধেমাজিলৈ মুখ্যমন্ত্ৰী ভ্ৰমণৰ প্ৰাক মুহূৰ্তত ধেমাজি আৰক্ষীয়ে পুৱাই ১২০ গ্ৰাম ড্ৰাগছ সৈতে এগৰাকী মহিলাসহ তিনি গৰাকীলোকক গ্ৰেপ্তাৰ কৰে ৷ তথ্যমতে গোপন সূত্ৰৰ পম খেদি ধেমাজি আৰক্ষীয়ে ধেমাজি নগৰৰৰ বাছ আস্থানৰ পৰা এগৰাকী মহিলাৰ পৰা ১০টা ড্ৰাগছ ভৰ্ত্তি কন্তেনাৰ উদ্ধাৰ কৰিছে ৷
জানিব পৰা মতে গ্ৰেপ্তাৰ হোৱা মহিলাগৰাকীয়ে তিনিচুকীয়া জিলাৰ শ্ৰীকৃষ্ণ চাহ বাগানৰ পৰা আনিছিল ড্ৰাগছ খনি। গ্ৰেপ্তাৰ হোৱা মহিলাগৰাকীৰ নাম বাসন্তী চনা ।উক্ত ড্ৰাগছ খিনি ক্ৰয় কৰিবলৈ আহোতেই ধেমাজি আৰক্ষীয়ে প্ৰফুল্ল পেগু, ৰাজেশ পেগুক গ্ৰেপ্তাৰ কৰে ৷ ধৃত যুৱককেইজনৰ ঘৰ লখিমপুৰ জিলাত বুলি জানিব পৰা গৈছে।
যুৱক কেইজনৰ তিনিটা মবাইল ফোনৰ লগতে এখন বাইক জব্দ কৰে ।জব্দকৃত মটৰচাইকেল খনৰ নম্বৰ হৈছে AS 07T2941।
Also Read: কলেজ শিক্ষক সংস্থাৰ সভাপতি ড০ জয়ন্ত বৰুৱাক নিলম্বন