কলেজ শিক্ষক সংস্থাৰ সভাপতি ড০ জয়ন্ত বৰুৱাক নিলম্বন

কলেজ শিক্ষক সংস্থাৰ সভাপতি ড০ জয়ন্ত বৰুৱাক নিলম্বন

ডিজিটেল ডেস্ক : কৰ্তব্যত অৱহেলা আৰু অকৰ্তৃত্বশীলভাৱে টিউটৰ নিযুক্তি দি বিতৰ্কৰ মাজত সোমাই পৰা কলেজ শিক্ষক সংস্থাৰ সভাপতি ড০ জয়ন্ত বৰুৱাক বুধবাৰে নিলম্বন কৰা হয়। তেঁও কৰ্মকাণ্ডৰ বাবে উচ্চ শিক্ষা সঞ্চালকালয়ে ড০ বৰুৱাক নিলম্বন কৰে।

এক নিৰ্দেশনাযোগে উচ্চ শিক্ষা সঞ্চালক পমী বৰুৱাই ড০ জয়ন্ত বৰুৱাক নিলম্বন কথা ৰাজহুৱা কৰে। জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ জয়ন্ত বৰুৱাৰ নিলম্বনে স্বাভাৱিকতে চৰ্চা লাভ কৰিছে।

কিয়নো অসম কলেজ শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকাৰ সময়ত ড০ বৰুৱাই ছাত্র-ছাত্রীক পাঠদানৰ পৰা বিৰত আছিল। তেওঁৰ হৈ পাঠদান কৰিবলৈ অকর্তৃত্বশীলভাৱে নিয়োগ কৰিছিল এজন টিউটৰ।

কলেজৰ অধ্যক্ষ তথা পৰিচালনা সমিতিৰ অনুমতি নোহোৱাকৈ অতি মইমতালিৰে তেওঁ টিউটৰ নিয়োগ কৰি কলেজ শিক্ষক সংস্থাৰ কামত ঘূৰি ফুৰিছিল। কিন্তু মাহিলি লাভ কৰিবলগীয়া সমুদায় দৰমহা তেওঁ নিয়মিত আদায় কৰিছিল। এই কথা ত্যাগবীৰ হেম বৰুবা মহাবিদ্যালয়ৰ অধ্যক্ষই আৰ টি আই আবেদনৰ ভিত্তিত প্রদান কৰা তথ্যত ৰাজহুৱা কৰিছিল।

আনকি এই সন্দর্ভত তেওঁ সমগ্র বিষয় তথ্যসহকাৰে উচ্চ শিক্ষা সঞ্চালকালয়কো অবগত কৰিছিল। যি কথা ৰাজ্যৰ সংবাদ মাধ্যমযোগে বহুলভাৱে প্রচাৰিত হয়। ড০ বৰুৱাৰ কাণ্ড সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি শিক্ষা মন্ত্রী ডা০ ৰণোজ পেগুৱে ব্যৱস্থা গ্রহণৰ সমস্ত দায়িত্ব উচ্চ শিক্ষা সঞ্চালকালয়ক প্ৰদান কৰিছিল।

এই সন্দৰ্ভত উচ্চ শিক্ষা সঞ্চালকালয়ে জাননী জাৰি কৰিব বুলিও তেওঁ মন্তব্য কৰিছিল। ডা০ পেণ্ডৰ মন্তব্যৰ পিচতে বুধবাৰে উচ্চ শিক্ষা সঞ্চালকে ড০ বৰুৱাৰ নিলম্বনৰ কথা ঘোষণা কৰে।

কলেজ শিক্ষক সংস্থাৰ সভাপতি ড০ জয়ন্ত বৰুৱাক নিলম্বন
সাংবাদিক উৎপল ডেকাক অনুসন্ধানমূলক সাংবাদিকতা বঁটা প্ৰদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in