ধেমাজিত ধুমুহা-শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন

ধেমাজিত ধুমুহা-শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন

author-image
Asomiya Pratidin
New Update
ধেমাজিত ধুমুহা-শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন

ডিজিটেল সংবাদ,ধেমাজি : প্ৰবল ধুমুহা, শিলাবৃষ্টিয়ে বৃহস্পতিবাৰে নিশা ধেমাজি জিলাৰ কেইবাঠাইতো বিস্তৰ ক্ষতিসাধন কৰে ৷ হঠাতে হোৱা এই শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টিৰ হৈছে ৷

Advertisment

এনে দুৰ্যোগৰ ফলত হোৱা ক্ষতিৰ বাবে ভুক্তভোগী লোকসকলে তাৎক্ষণিকভাৱে সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক শীঘ্ৰেই আহ্বান জনায় ৷ তথ্যমতে ধেমাজি আজোহা গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় ৭খন গাঁৱৰ শতাধিক বাসগৃহ ক্ষতিসাধন হোৱা লগতে গাঁৱকেইখনত মুগা পালক আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বিস্তৰ ক্ষতিসাধন হৈছে ৷

ইফালে মাছখোৱা চৌখাম গাঁৱতো হোৱা ধুমুহা আৰু শিলা বৃষ্টিৰ ফলত গাঁৱখনৰ প্ৰায় ৩০ টা পৰিয়ালৰ ঘৰ বিধ্ৱস্ত কৰিছে ৷ একেদৰে ধেমাজি উন্নয়ন খণ্ড অধীনৰ আজোহা গাওঁ পঞ্চায়তৰ সৰু আজোহা, মিচিং গাওঁ, বৰমে গাওঁ ,কফুলনি, বৰ আজোহা, বটুৱাকান নেপালী ব্লক, ২ নং বুঢ়াভকত হাবুঙকে ধৰি অঞ্চলটোৰ বহুকেইখনত গাঁৱত ক্ষতিগ্ৰস্ত হৈছে ৷

Also Read: নকল কৰা বেয়া কথা...

Storm-rain