পাহাৰীয়া ডিমৌ নৈত বনভোজপ্ৰেমীৰ ব্যাপক সমাগম

ব্যস্ততাপূৰ্ণ যান্ত্ৰিক জীৱনৰ পৰা ফালৰি কাটি প্ৰকৃতিৰ কোলাত ক্ষণিক জিৰণি ল'বলৈ আহিল ৰাইজ
পাহাৰীয়া ডিমৌ নৈত বনভোজপ্ৰেমীৰ ব্যাপক সমাগম

ডিজিটেল সংবাদ,চিলাপথাৰ : উখল-মাখল পৰিৱেশ দেখা গৈছে চিলাপথাৰৰ বনভোজস্থলীত। সোমবাৰে‌ সীমান্তৱৰ্তী মোহময়ী ডিমৌ নদীৰ পাৰত বনভোজপ্ৰেমীয়ে ভিৰ কৰে। অৰুণাচল প্ৰদেশৰ পৰা চিলাপথাৰ অঞ্চলৰ মাজেৰে বৈ অহা ডিমৌ নদীত সমবেত হৈছে অগণন লোক।

ডিব্ৰুগড, যোৰহাট,তিনিচুকীয়া, জোনাই,মৰাণ,লখিমপুৰ, ধেমাজি আদি বিভিন্ন জিলাৰ পৰা বনভোজ যাত্ৰীৰ সমাগমে এক উখল-মাখল পৰিৱেশ সূচনা হোৱা দেখা গৈছে।প্ৰকৃতিৰ নৈসৰ্গিক সৌন্দৰ্য্যৰে ভৰপূৰ ডিমৌ নদীত বলিভাত খাবলৈ অগণন লোকে ভিৰ কৰে।

ব্যস্ততাপূৰ্ণ যান্ত্ৰিক জীৱনৰ পৰা ফালৰি কাটি প্ৰকৃতিৰ কোলাত ক্ষণিক জিৰণি ল'বলৈ আহিল ৰাইজ। মনে মিলা সমনীয়া আৰু জ্ঞাতি কুটুমৰ সৈতে জনপ্ৰিয় গীতৰ তালে- তালে নাচি বাগি ৰং-ধেমালি কৰি এসাঁজ জুতি লগাই খাবলৈ বহিল বনভোজৰ দল।

অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী এই বনভোজস্থলী অধিক মনোমোহা কৰি তুলিবলৈ প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত ৰাইজে আহ্বান জনাইছে।

পাহাৰীয়া ডিমৌ নৈত বনভোজপ্ৰেমীৰ ব্যাপক সমাগম
সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰী আৰু কবি ৰূপালী বসুমতাৰীৰ গ্ৰন্থ উন্মোচনৰ প্ৰস্তুতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in