ধেমাজিৰ কিৰন একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী ১০০ শতাংশ উত্তীৰ্ণ...

চৰকাৰী শিক্ষানুষ্ঠানৰ পৰিৱৰ্তে ব্যক্তিগত শিক্ষানুষ্ঠানৰ অগ্ৰগতি

author-image
Asomiya Pratidin
New Update
ধেমাজিৰ কিৰন একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী ১০০ শতাংশ উত্তীৰ্ণ...

ধেমাজিৰ কিৰন একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী ১০০ শতাংশ উত্তীৰ্ণ...

ডিজিটেল সংবাদ ধেমাজিঃ ৯ মে' বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ধেমাজি জিলাই সামগ্ৰীভাৱে কলা শাখাত ৯৩.৭ শতাংশ, বিজ্ঞান শাখাত ৯১.০১ শতাংশ আৰু বাণিজ্য শাখাত ৮৮.২৮ শতাংশৰে উৰ্ত্তীৰ্ণ হৈছে ৷ জিলাখনত কলা শাখাত ১০৩৯ গৰাকীয়ে প্ৰথম, ৩০৩১ গৰাকীয়ে দ্বিতীয়, ২২৭৬ গৰাকীয়ে তৃতীয় স্থান লাভ কৰিছে।

Advertisment

একেদৰে বিজ্ঞান শাখাত ৯২৯ গৰাকীয়ে প্ৰথম, ১০৪৬ গৰাকীয়ে দ্বিতীয় আৰু ৫৬৫ গৰাকী শিক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।

বাণিজ্য শাখাত ৭১ গৰাকীয়ে প্ৰথম, ১৪৬ গৰাকীয়ে দ্বিতীয় আৰু ২০৫ গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰিছে।

ইফালে ধেমাজি ব্যক্তিগত খণ্ডৰ কিৰন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ফলাফলে ধেমাজি লৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ ব্যক্তিগত খণ্ডৰ একাডেমীখনত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত ১০০ শতাংশ উত্তীৰ্ণ হৈছে। শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীয়ে কলা শাখাত ১১২ জনে বিজ্ঞান শাখাত ১২১ জনে আৰু বাণিজ্য শাখাত ১৯ জনে লেটাৰ নম্বৰ লাভ কৰিছে।

কলা শাখাত শিক্ষানুষ্ঠানখনৰ অলিনদ্বিতা বুঢ়াগোহাঁইয়ে ৯৩.২ শতাংশ, বাণিজ্য শাখাত দ্বীপজয় নন্দীয়ে ৮০.২ শতাংশ আৰু বিজ্ঞান শাখাত ময়ূৰ কৃষ্ণ নৰহে ৯৪.৮ শতাংশ নম্বৰ লাভ কৰিছে। নৰহে অল্টাৰনেটিভ ইংলিছত সৰ্বাধিক ৯৯ নম্বৰ লাভ কৰিছে।

Also Read: UPI ৰ বাবেই বৃদ্ধি হৈছে মানুহৰ ব্যয়ঃ পৰিছে বাজেটত প্ৰভাৱ...

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা