UPI ৰ বাবেই বৃদ্ধি হৈছে মানুহৰ ব্যয়ঃ পৰিছে বাজেটত প্ৰভাৱ...

ইন্দ্ৰপ্ৰস্থ ইনষ্টিটিউট অফ ইনফৰমেচন টেকনলজী, দিল্লীৰ শিক্ষাৰ্থীৰ সমীক্ষাত প্ৰকাশ পালে উদ্বেগজনক তথ্য
UPI ৰ বাবেই বৃদ্ধি হৈছে মানুহৰ ব্যয়ঃ পৰিছে বাজেটত প্ৰভাৱ...
UPI ৰ বাবেই বৃদ্ধি হৈছে মানুহৰ ব্যয়ঃ পৰিছে বাজেটত প্ৰভাৱ...

ডিজিটেল ডেস্কঃ বিমুদ্ৰাকৰণৰ পিছত নগদ বিহীন লেনদেনে ভাৰতৰ বিত্তীয় ব্যৱস্থালৈ এক অভূতপূৰ্ব পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে। ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগম (National Payments Corporation of India)  চমুকৈ NPCI য়ে উদ্ভাৱন কৰা ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেছ (UPI) ৰ জৰিয়তে আৰ্থিক লেনদেন যথেষ্ট সহজলভ্য হৈ পৰিল। সমান্তৰালকৈ ইউ পি আই মানুহৰ জীৱনৰ এক অভিন্ন অংশলৈ ৰূপান্তৰিত হ'ল।

শাক-পাচলিৰ বজাৰৰ পৰা বেংকৰ সকলোধৰণৰ লেনেদেন এতিয়া ইউ পি আইৰ জৰিয়তেই সম্ভৱ। ফলত টকা উলিয়াবলৈ অথবা কাৰোবালৈ পঠিয়াবলৈ বেংক, এটিএমৰ সন্মুখত গৈ থিয় হৈ থকাৰ প্ৰয়োজনেই নোহোৱা হৈ পৰিল।

কেৱল এয়াই নহয়, হাতত থকা মোবাইলটোৰ ৰিছাৰ্জ কৰাৰ পৰা বিদ্যুত বিল পৰিশোধ কৰা, জীৱন বীমা, স্বাস্থ্য বীমা, বাহনৰ বীমা কৰোৱা, ইয়াৰ প্ৰিমিয়াম পৰিশোধ কৰা, ঋণ লোৱা, শ্বেয়াৰ মাৰ্কেট, মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰালৈকে সকলো কাম এই ইউ পি আইৰ জৰিয়তেই সম্ভৱ।

ইউ পি আইৰ এনে সহজলভ্যতা আৰু সুবিধা প্ৰদানৰ বিষয়টোৰ লগত সংগতি ৰাখিয়েই শেহতীয়াকৈ ইন্দ্ৰপ্ৰস্থ ইনষ্টিটিউট অফ ইনফৰমেচন টেকনলজী, দিল্লীৰ শিক্ষাৰ্থীয়ে এক সমীক্ষা চলাইছিল। এই সমীক্ষাৰ জৰিয়তে ভাৰতীয় ব্যৱহাৰকাৰীসকলৰ মাজত ব্যক্তিগত স্তৰত ইউ পি আইয়ে ব্যয়ৰ ক্ষেত্ৰত কিদৰে প্ৰভাৱ পেলাইছে সেই সন্দৰ্ভত অধ্যয়ন কৰা হৈছিল।  

বিভিন্ন শ্ৰেণীৰ ২৩৫ জন ব্যক্তিক সামৰি কৰা এই সমীক্ষাত তেওঁলোকক কেতবোৰ প্ৰশ্ন কৰা হৈছিল। সমীক্ষাতে ৭৫ শতাংশ লোকে ইউ পি আইৰ বাবেই তেওঁলোকৰ ব্যয় বৃদ্ধি হোৱা বুলি মানি লৈছে। মাত্ৰ ৭ শতাংশ লোকেহে ব্যয় হ্ৰাস হোৱাৰ ইংগিত প্ৰদান কৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে এই সমীক্ষাত ৯১.৫ শতাংশ লোকেই ইউ পি আই ব্যৱহাৰত আত্মসন্তুষ্টি প্ৰকাশ কৰিছে। ৯৫.২ শতাংশ ব্যৱহাৰকাৰীয়ে ইউ পি আইৰ জৰিয়তে ধন পৰিশোধ কৰাটো সুবিধাজনক হৈ পৰা বুলি উত্তৰ দিছে।

মন কৰিবলগীয়া যে, বিশ্বজুৰি ডিজিটেল লেনদেন বা নগদ বিহীন লেনদেনৰ পৰিমাণ অভূতপূৰ্ব হাৰত যোৱা সময়ছোৱাত বৃদ্ধি পাইছে। ২০২৩ চনত ডিজিটেল লেনদেনৰ পৰিমাণ ১৯৫ নিযুতত উপনীত হৈছে। বিশ্বব্যাপী ৬৪ শতাংশ লোক ডিজিটেল পেমেণ্টছ লেনদেনৰ সৈতে জড়িত হৈ আছে।

ডিজিটেল লেনদেনৰ ক্ষেত্ৰত ভাৰত এতিয়া বহু আগবাঢ়ি গৈছে। ২০২২ত বিশ্বব্যাপী হোৱা ডিজিটেল লেনেদেনৰ ১০০ শতাংশৰ ভিতৰত ৪৬ শতাংশই হৈছে ভাৰতত। ২০১৬ চনত ভাৰতে আৰম্ভ কৰিছিল ইউ পি আই।

২০২৩ ৰ আগষ্টলৈকে মুঠ ৪৮৪ টা বেংক এই ইউ পি আইৰ সৈতে জড়িত হৈছে। ইয়াৰ ফলত ২০২৩ লৈকে ১০ বিলিয়ন লেনদেন সম্ভৱ হৈ পৰিছে। এই লেনদেনৰ পৰিমাণ মুঠ ১৮,২২,৯৪৯.৪২ কোটি টকা (১৮৯ বিলিয়ন আমেৰিকান ডলাৰ।

২০২২ ত ভাৰতত মুঠ ডিজিটেল লেনদেন হৈছে ৮৪ শতাংশ অৰ্থাৎ ১.৭৯ ট্ৰিলিয়ন ডলাৰ ইউ পি আইৰ মাধ্যমেৰে পৰিশোধ কৰা হৈছে। ইউ পি আইৰ এনে সফলতাৰ বিপৰীতে এই সমূহে ব্যৱহাৰকাৰীৰ ব্যয়ৰ অভ্যাসৰো পৰিৱৰ্তন কৰিছে।

আই আই আই টি দিল্লীৰ শিক্ষাৰ্থীৰ এই সমীক্ষাত এই দিশসমূহ উন্মোচিত হৈছে। তেওঁলোকে সামৰি লোৱা লোকসকলৰ ভিতৰত ৫১.৬ শতাংশই আছিল শিক্ষাৰ্থী। ইয়াৰোপৰি ৪২ শতাংশ কৰ্মচাৰী, ৪.৭ শতাংশ ব্যৱসায়ী। লিংগ অনুসৰি আকৌ এইসকলৰ ভিতৰত ৭৭ শতাংশ পুৰুষ, ১৯.৭ শতাংশ মহিলা আৰু ৩.৩ শতাংশই লিংগ প্ৰকাশ কৰাত অনিচ্ছ্যুক।

সমীক্ষাত প্ৰকাশ পোৱা মতে ১২ শতাংশ লোকে ২০১৬ চনৰ বিমুদ্ৰাকৰণৰ পাছত ইউ পি আই ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। ৭.৬০ শতাংশ লোকে ২০১৭ ৰ পিছত, ১৩.৬০ শতাংশই ২০১৮ ত, ১৫.৬০ শতাংশই ২০১৯ত, ১৬ শতাংশই ২০২০ত, ১৬ শতাংশই ২০২১ত ১৭.৬ শতাংশই ২০২২ত আৰু ২.৪০ শতাংশই ২০২৩ ত ইউ পি আইৰ ব্যৱহাৰ আৰম্ভ কৰিছে।

সমীক্ষা৭৪.২ শতাংশ লোকে ইউ পি আইৰ ব্যৱহাৰৰ বাবেই ব্যয় বৃদ্ধি পোৱা বুলি স্বীকাৰ কৰিছে। ৭ শতাংশৰ মতে তেওঁলোকৰ ব্যয় ইউ পি আইয়ে হ্ৰাস কৰিছে। ১৮.৮ শতাংশৰ মতে আকৌ তেওঁলোকৰ ব্যয় বা বাজেটত ইউ পি আইৰ কোনো প্ৰভাৱ পৰা নাই।

৫৫ শতাংশ লোক ইউ পি আইৰ ব্যৱহাৰ কৰি যথেষ্ট সন্তুষ্ট আৰু ৩৬.৫ শতাংশ লোক সন্তুষ্ট হৈছে। ৭.৭ শতাংশ লোকে এই সন্দৰ্ভত কোনো মন্তব্য দিয়া নাই। গতিকে এই সমীক্ষাই এটা কথা প্ৰমাণ কৰে যে, ইউ পি আই ব্যৱহাৰ কৰি ৯১.৫ শতাংশ লোকেই সন্তুষ্ট।

এই ব্যৱহাৰকাৰীসকলে প্ৰতিদিনে ৫০ টকাৰ পৰা ১ লাখ টকা পৰ্যন্ত ইউ পি আইৰ জৰিয়তে লেনদেন কৰে। ১৫.৭ শতাংশই দৈনিক ২০০ টকা ইউ পি আইৰ জৰিয়তে ব্যয় কৰে। ৮১.১ শতাংশ লোকে দৈনিক ইউ পি আই ব্যৱহাৰ কৰে। ১৫.৬ শতাংশ লোকে সপ্তাহত এবাৰ ইউ পি আই ব্যৱহাৰ কৰে।১.১ শতাংশ লোকে মাহত এবাৰহে ইউ পি আই ব্যৱহাৰ কৰে।

সমীক্ষা অনুসৰি ৫৯.৮ শতাংশ লোকে ইউ পি আই ব্যৱহাৰৰ ফলত তেওঁলোকৰ বাজেট অতিক্ৰম কৰি অত্যাধিক ব্যয় কৰে বুলি স্বীকাৰ কৰিছে। আনহাতে ৩৯.৮ শতাংশ লোকে বিশ্বাস কৰে তেওঁলোকে এনে কৰা নাই।

এই সমীক্ষা অনুসৰিয়েই এই কথাও স্পষ্ট হৈছে যে, বহু লোকে তেওঁলোকৰ বাজেট মেনইটেইন কৰিবলৈ বিভিন্ন পদ্ধতি অনুসৰণ কৰে। যাদৱ নামৰ এগৰাকী ব্যৱহাৰকাৰীয়ে কয় যে, কেতিয়াবা তেওঁ বাজেটৰ প্ৰাৰম্ভিক ব্যয় পৰিকল্পনা অতিক্ৰম কৰে। এনে হ'লেই তেওঁ বাজেটৰ ভিতৰত থাকিবলৈ ফাইনেন্স ট্ৰেকিং এপ্লিকেচনৰ সহায় লয়। এনে এপ্লিকেছনৰ ভিতৰত আছে স্প্লিটৱাইজ. পেটিএম, এছ বি আই য়নো, ছেমছাং নোটছ, মাই মানি, হানিবুক, মোনেফি, পেহেক, মানি মেনেজাৰ আদি।

সেয়া যিয়েই নহওক এই সমীক্ষাই উন্মোচিত কৰা এক গুৰুত্বপূৰ্ণ দিশ হ'ল মানুহৰ দৈনন্দিন জীৱনত ইউ পি আইৰ ব্যৱহাৰে বাজেট মেইটেইন কৰাত অসুবিধা হোৱাৰ লগতে অত্যাধিক ব্যয়ত যথেষ্ট অৰিহণা যোগাইছে। যদিও ইউ পি আইৰ ব্যৱহাৰকাৰীৰ এক গৰিষ্ঠ সংখ্যকে বাজেট মেইটেইন কৰাত সফল হৈছে তথাপিও বুজন পৰিমাণৰ ব্যৱহাৰকাৰী এই সন্দৰ্ভত উদাসীন।

এই সমীক্ষাত ভাৰতৰ ডিজিটেল লেনদেনৰ যি এক দৃশ্য পৰিস্ফুত হৈ উঠিছে এই দৃশ্য পটত এই কথাও স্পষ্ট হৈছে যে, ২০২৪ চনলৈকে ভাৰতত গুগল পে', ফোন পে', পেটিএম, আদিৰ দৰে আগশাৰীৰ ইউ পি আই এপলিকেচন বোৰে আধিপত্য বিস্তাৰ কৰি আছে। এই বোৰৰ জৰিয়তেই মানুহে দৈনন্দিন বজাৰ কৰাৰ পৰা বিত্তীয় সকলো ধৰণৰ লেনদেন কৰি আহিছে।

বিমুদ্ৰাকৰণৰ পিছত ভাৰতত যিদৰে ইউ পি আই এক এৰাব নোৱাৰা অংগ হৈ পৰিলে সেইদৰেই ইউ পি আই ব্যৱহাৰ কৰা লোকসকলো নগদ বিহীন লেনদেনৰ সৈতে অভ্যস্ত হৈ পৰিলে। এ টি এম অথবা বেংকলৈ গৈ শাৰী পাতি থকা কামবোৰ এৰি চলিছে।

এইসমূহৰ ফলত যিদৰে অনেক সুবিধা হৈছে সেইদৰেই বিভিন্ন প্ৰত্যাহ্বানো সৃষ্টি নকৰা নহয়। আই আই আই টি, দিল্লীৰ ছাত্ৰৰ দলটোৰ গৱেষণাতে এই কথা স্পষ্ট হৈছে। বিশেষকৈ ইউ পি আইৰ বাবেই মানুহে সঞ্চয় ব্যৱস্থাক উপেক্ষা কৰা দিশটো উন্মোচিত হৈছে।

UPI ৰ বাবেই বৃদ্ধি হৈছে মানুহৰ ব্যয়ঃ পৰিছে বাজেটত প্ৰভাৱ...
চীন নহয়, তিস্তা প্ৰকল্পত অৰ্থ ব্যয় কৰিব ভাৰতেঃ বাংলাদেশৰ সৈতে আলোচনা সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in