/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/75e3c957-5735-4959-8920-2370cfed76c7/dhemaji_04.jpg)
আয়ুৰ্বেদিক ঔষধ আৰু চিকিৎসা সম্পৰ্কীয় স্বাস্থ্য শিবিৰ সম্পন্ন...
ডিজিটেল সংবাদ ধেমাজিঃ অহা ১০ নৱেম্বৰত পালন কৰিবলগীয়া ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক অষ্টম বাৰ্ষিক দিৱসৰ উপলক্ষে আয়ুৰ্বেদিক ঔষধে জনসাধাৰণৰ ওপৰত কেনেদৰে প্ৰভাৱান্বিত কৰিব পাৰে এই সম্পৰ্কে সজাগতা অনাৰ উদ্দেশ্য ধেমাজি জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত চমৰাজান গাওঁ পঞ্চায়তৰ মুকলি সভাগৃহত শুকুৰবাৰে আয়ুৰ্বেদিক চিকিৎসা, ঔষধ আৰু ৰোগীক আৰোগ্য কৰা সম্পৰ্কত এখনি বিনামূলীয়া আয়ুৰ্বেদিক স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় ৷
ইয়াৰ আগে সজাগতা শিবিৰ ফিটা কাটি মুকলি কৰে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে ৷ বন্তি প্ৰজ্বলন কৰে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কুলেন চন্দ্ৰ বৰগোহাঁইয়ে ৷
সভাত বৰ্তমান আয়ুবেদিক ঔষধৰ প্ৰযোগ, ঔষধৰ গুনাগুণ আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি, চিকিৎসা শিক্ষা পাঠ্যক্ৰম, ইয়াৰ লগত পৰোক্ষভাৱে কৃষকসকলে জড়িত হ’লে কেনেদৰে অৰ্থনৈতিকভাৱে টনকিয়াল হ'ব পাৰিব আৰু, ছাত্ৰ-ছাত্ৰীসকলে কেনেদৰে উপকৃত হ'ব পাৰিব এই সকলোবোৰ দিশ সামৰি বিস্তৃতভাৱে ৰাইজৰ আগত আলোকপাতো কৰে ধেমাজিৰ আয়ুৰ্বেদিক জ্যেষ্ঠ চিকিৎসক তথা আয়ুসৰ নডেল বিষয়া ডাঃ লক্ষ্য সন্দিকৈয়ে ৷
সভাত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালী,ধেমাজি জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ কুলেন চন্দ্ৰ বৰগোহাঁই,মহকুমা স্বাস্থ্য বিষয়া ডাঃ যোগেন দাস, চমৰাজান গাওঁ পঞ্চায়তৰ সভাপতি প্ৰদীপ বৰাই ৷ সভাত জিলাৰ স্বাস্থ্য বিষয়া কৰ্মচাৰীসকলৰ লগতে অঞ্চলৰ শতাধিক ৰাইজে উপস্থিত থাকে ৷