/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/28a128f1-dc1f-4b24-9360-229745543c37/AP_FOR_WEB__new.jpg)
ঢকুৱাখনা ৰাজহ চক্ৰত চৰকাৰী সেৱা প্ৰদানত অনিয়ম...
ডিজিটেল সংবাদ ঢকুৱাখনা: চৰকাৰী সেৱা সহজলভ্য আৰু খৰটকীয়া কৰাৰ বাবে ৰাজ্য চৰকাৰে যিমানেই তৎপৰতা গ্ৰহণ নকৰক ঢকুৱাখনাত এই ব্যৱস্থাই মুখ ঠেকেছা খোৱা পৰিলক্ষিত হৈছে। ঢকুৱাখনা মহকুমা সদৰত অৱস্থিত ঢকুৱাখনা ৰাজহ চক্ৰৰ কাৰ্য্যালয়ত ধনৰ বিনিময়ত কামৰ এক অশুভ পৰম্পৰা আৰম্ভ হোৱাৰ বাবে এই চৰকাৰী প্ৰক্ৰিয়াই উজুটি খোৱা পৰিলক্ষিত হৈছে ।
শেহতীয়াভাবে চক্ৰটোৰ এগৰাকী পট্টাদাৰে অনলাইন যোগে নিজৰ ম্যাদী পট্টাৰ একাংশ ভূ সম্পত্তি এগৰাকী ব্যক্তিক "লিজ"ত প্ৰদানৰ বাবে আবেদন কৰিছিল । দৰিদ্ৰ আবেদনকাৰী ভবেন কোচে ঢকুৱাখনা মৌজাৰ জিয়ামৰিয়া মেপৰ নিজৰ ১৩৯ নম্বৰ ম্যাদী পট্টাৰ ৫২৭নম্বৰ দাগৰ প্ৰায় ১বিঘা ৩কঠা ৪লেছা ভূমি এগৰাকী ব্যক্তিক বিধিগত ভাবে "লিজত" দিয়াৰ বাবে আবেদন কৰিছিল ।
ইয়াৰ বাবে প্ৰয়োজনীয় সকলো প্ৰমাণ পত্ৰ আৰু বিধিগত নথিপত্ৰ বিভাগত জমা দি অপেক্ষা কৰিছিল । কিন্তু প্ৰায় সংখ্যক যাবতীয় নথিপত্ৰ উপলব্ধ হোৱাৰ পাছতো ৰহস্যজনক কাৰণত চক্ৰ বিষয়া বিশ্বজিৎ দত্তই উক্ত আবেদন নাকচ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
উত্থাপিত অভিযোগত প্ৰকাশ যে, আবেদনকাৰী ভবেন কোচে গাঁও প্ৰধান , লাট মণ্ডলৰ সকলো নথিপত্ৰ ,প্ৰয়োজনীয় আপত্তি বিহীন শপতনামা আদি সকলো দাখিল কৰিছিল চক্ৰ বিষয়াৰ কাৰ্যালয়ত। এই সন্দৰ্ভত আবেদনকাৰীৰ নিয়োজিত অধিবক্তাই চক্ৰ বিষয়াৰ এগৰাকী কৰ্মচাৰীৰ সৈতে প্ৰথমাৱস্থাত যোগাযোগ কৰি প্ৰক্ৰিয়াটো সম্পন্ন কৰাৰ অপেক্ষা কৰে ।
এই সন্দৰ্ভত কেইবাদিনো আবেদনকাৰী কাৰ্যালয়লৈ অহাৰ পাছত যাবতীয় প্ৰায় সংখ্যক নথিপত্ৰ দাখিলৰ পাছত শুকুৰবাৰে ব্যক্তিজনৰ উক্ত আবেদন চক্ৰ বিষয়া দত্তই নাকচ কৰি দিয়ে। গাঁঠিৰ ধনেৰে আবেদন মাচুল জমা দি যাবতীয় সকলো নথিপত্ৰ উলিয়াই নিজৰ নামৰ ভূ সম্পত্তি" লিজ"ত দিয়াৰ আশা পালি থকা আবেদনকাৰী ভবেন কোচৰ এই আবেদন নাকচ কৰাৰ অন্তৰালত দাবীকৃত ধন আদায় নিদিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
সংবাদ মাধ্যমক জনোৱা মতে প্ৰথম অৱস্থাত কাৰ্য্যালয়ৰ এগৰাকী কৰ্মচাৰীৰ জৰিয়তে সামান্য অজুহাত দেখুৱাই বিষয়াজনে এই কাম কৰি দিয়াৰ বাবদ ৫ হাজাৰ টকা বিচাৰে। প্রমাণপত্ৰখনৰ জৰুৰী হোৱাৰ বাবে এই কামত নিয়োজিত অধিবক্তা গৰাকীয়ে উক্ত পুঁজি কৰ্মচাৰী গৰাকীক আদায় দিয়ে। কিন্তু ইয়াৰ পাছতো এই কাম সম্পন্ন নহল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/96ba136e-4079-4be3-b14f-281178421d4b/2c98cc57_8940_471f_9b92_51c395a5b102.jpg)
কাৰণ এইবাৰ এই কাম কৰিদিয়াৰ বাবদ দৰ উঠিল ১০হাজাৰ। মধ্যস্থতাকাৰী কৰ্মচাৰীজনে এই সন্দৰ্ভত পুনৰ অধিবক্তা গৰাকীক ১০হাজাৰ টকা বিচৰা বিষয়টো অৱগত কৰে। এই সন্দৰ্ভত অধিবক্তাগৰাকীয়ে আবেদনকাৰীক জনোৱাত আবেদনকাৰীৰ অনুমতি আৰু প্ৰেৰণ কৰা ধনৰ ভিত্তিত অধিবক্তা গৰাকীয়ে এইবাৰ ১০ হাজাৰ টকা দিবলৈ মান্তি হৈ কৰ্মচাৰী গৰাকীক জনাই ।
এইবাৰ কৰ্মচাৰীগৰাকীয়ে ভিতৰলৈ গৈ এই টকা দিয়াৰ কথা অৱগত কৰাত অবশেষত এই কাম কৰি দিয়াৰ বিনিময়ত দৰ উঠিল ২০ হাজাৰ টকা। কৰ্মচাৰীগৰাকীয়ে এইসন্দৰ্ভত অধিবক্তাগৰাকীক জনোৱাত স্তম্ভিত অধিবক্তাগৰাকী ক্ষুব্ধ হোৱাত কৰ্মচাৰীগৰাকীয়ে বিষয়াগৰাকীৰ লগত অধিবক্তাজনক নিজে কথা পাতি লোৱাৰ পৰামৰ্শ দিয়ে।
জ্যেষ্ঠ অধিবক্তাগৰাকীযে বিষয়াগৰাকীক লগ কৰি এই দাবীকৃত পুঁজি কমাই লোৱাৰ সানুনয় আহ্বান জনায় । কিন্তু তালৈ কৰ্ণপাত নকৰি দাবীকৃত ধন নিদিয়াৰ বাবেই বিষয়াগৰাকীয়ে অনলাইন আবেদনখন নাকচ কৰি দিয়া বুলি জনাইছে। ইপিনে বিষয়াগৰাকীয়ে গাঁও প্ৰধানৰ প্ৰমানপত্ৰ সন্তোষজনক নোহোৱা আৰু এগৰাকী অবিবাহিতা মহিলা থকাৰ বিষয়টো অনুকীয়াই আবেদনখন বাতিল কৰা বুলি টোকাত লিপিবদ্ধ কৰিছে ।
ঢকুৱাখনা চক্ৰ বিষয়াৰ কাৰ্যালয়টো বদনামি কৰা এই ঘৃন্য কাণ্ডৰ সন্দৰ্ভত চক্ৰটোৰ একাংশ কৰ্মচাৰীক প্ৰশ্ন কৰাত গৰিষ্ঠ সংখ্যকে নিজৰ কৰ্ম ব্যস্ততাৰ বাবে এই সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে । কিন্তু এই ধন দাবী কৰা সন্দৰ্ভত কৰ্মচাৰীগৰাকীৰ সৈতে অভিযোগকাৰী পক্ষৰ টেলিফোনিক বাৰ্তালাপ মজুত থকা বুলি সংবাদ মাধ্যমক প্ৰত্যয়েৰে জানিবলৈ দিছে ।
নাগৰিকক চৰকাৰী সেৱা প্ৰদানৰ নামত মাহিলী ৰাজকোষৰ বেতন ভোগ কৰিও অবৈধ পন্থাৰে ধন ঘটাৰ ফন্দি পতা এনেবোৰ অৰ্থলোভীৰ ওপৰত কি অনুশাসনমূলক ব্যবস্থা মহকুমা আৰু জিলা প্ৰশাসনে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। অৱশ্যে প্ৰশাসনীয় তদন্তৰ পাছত উত্থাপিত অভিযোগৰ সত্যসত্যতা পোহৰলৈ আহিব ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/7f57072e-6197-4519-ac79-32f9a6365f7a/edbd5067_ff58_46c8_8f05_9d198d953d4c.jpg)
Also Read: কচুৱা আৰক্ষীৰ অভিযানত নকল টকা তৈয়াৰ কৰা মেচিনসহ চাৰিজনক আটক...