নেপালীবস্তি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰেণু দলেক বিদায় সম্বৰ্ধনা...

নেপালীবস্তি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰেণু দলেক বিদায় সম্বৰ্ধনা...

ডিজিটেল সংবাদ, জোনাইঃ ধেমাজি জিলাৰ ভিতৰতে আগশাৰীৰ শিক্ষানুষ্ঠান নেপালীবস্তি প্ৰাথমিক বিদ্যালয়ৰ তথা আদৰ্শ কৃতী প্ৰধান শিক্ষয়িত্ৰী ৰেণু দলেই চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে । সেই উপলক্ষে শুকুৰবাৰে নেপালীবস্তি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা গোট আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উদ্যোগত আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়খনৰ চৌহদত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হৰি প্ৰধানৰ সভাপতিত্বত বিদায় সভা এখন অনুষ্ঠিত কৰা হয়।

উল্লেখ যোগ্য যে অৱসৰপ্ৰাপ্ত কৃতী প্ৰধান শিক্ষয়িত্ৰী ৰেণু দলেয়ে নেপালীবস্তি প্ৰাথমিক বিদ্যালয়ত সুস্থ তথা গুণগত শৈক্ষিক পৰিৱেশ গঢ় দি ধেমাজি জিলাৰ ভিতৰতে লেখত ল'বলগীয়া আগশাৰীৰ শিক্ষানুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ সক্ষম হয়। প্ৰধান শিক্ষয়িত্ৰী ৰেণু দলেৰ একান্ত প্ৰচেষ্টাত ২০০৯-১০ শিক্ষা বৰ্ষত অসম সৰ্বশিক্ষা মিছনৰ পৰা ধেমাজি জিলাৰ ভিতৰতে সীমান্তৱৰ্তী জোনাই মহকুমাৰ নেপালী বস্তিত প্ৰাথমিক বিদ্যালয়ে শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।

তদুপৰি ছাত্ৰ-ছাত্ৰীয়ে ধাৰাবাহিকভাৱে মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি লাভ কৰি অহা বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ৰেণু দলেয়ে ২০১৬ চনত ধেমাজি জিলাৰ ভিতৰতে ৫৫ সংখ্যক শিক্ষক দিৱসত কৃতী শিক্ষয়িত্ৰী হিচাপে সম্বৰ্ধিত হয়। নেপালীবস্তি প্ৰাথমিক বিদ্যালয়ৰ কৃতী প্ৰধান শিক্ষয়িত্ৰী ৰেণু দলেৰ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ উপলক্ষে আয়োজন কৰা বিদায় সম্বৰ্ধনা সভাত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, শিক্ষাবিদ প্ৰতাপ চন্দ্ৰ পাৱ, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ হৰকান্ত পেগু, অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড০ সুখলতা ফুকন গগৈ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধৰ্মেশ্বৰ দলে, অৱসৰপ্ৰাপ্ত প্ৰবক্তা ভেউলাকান্ত পেগু, অঞ্জনা পেগু, টুণিৰাম পেগু, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰাণজিৎ দলে, বিশিষ্ট নাগৰিক ৰাম পেগু, দেৱেন গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক মাধৱ পাৱ, নৱীন গগৈ, জয়নাৰায়ণ উপাধ্যায়, লীলাকান্ত টায়ে, শিক্ষয়িত্ৰী লক্ষ্মী প্ৰভাৱ দলে, নীলিমা টায়ে, বৰ্ণালী পেগু দলে, ভৱেশ টায়ে, জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনৰ সম্পাদক নৃপেন বুঢ়াগোহাঁই, সহকাৰী সম্পাদক সংঘমিত্ৰা মিলি দলে, চেনিৰাম পাংগিং, মৃণাল কুলি, লম্বিত মিলি, জোনমণি কয়ু, চন্দ্ৰ কান্ত ৰায়, কান্ত পেগু, বসন্ত পেগু, অঞ্জন টায়ুং শইকীয়া, ৰণোজ পাতিৰ, মীনা লিম্বো, বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে ইন্দ্ৰেশ্বৰী দলে, ৰূপালী কুটুম, মানদীপা দেউৰী, দেৱেন টায়োং, ৰূপাঞ্জলি দলে পাতিৰ, জীনা সোণোৱালৰ লগতে বহু অভিভাৱক ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

সভাত বক্তাসকলে কঠোৰ অনুশাসন, নিয়মানুবৰ্তিতা, আৰু কৰ্তব্য নিষ্ঠাৰে নেপালী বস্তিত প্ৰাথমিক বিদ্যালয়ত সুস্থ তথা গুণগত শৈক্ষিক পৰিৱেশ গঢ় দি জিলাখনৰ ভিতৰতে এখন নামজ্বলা শিক্ষানুষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰি চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা আদৰ্শ তথা কৃতী শিক্ষয়িত্ৰী ৰেণু দলেৰ সফল জীৱন আদৰ্শ আৰু কৰ্মৰাজিক ভূয়সী প্ৰশংসা কৰে। সভাত নেপালীবস্তি প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতী প্ৰধান শিক্ষয়িত্ৰী ৰেণু দলেৰ লগতে তেওঁৰ স্বামী তথা মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ হৰকান্ত পেগুক শিক্ষক গোট, বিদ্যালয় পৰিচালনা সমিতি, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক ৰাইজে চেলেং চাদৰ, ফুলাম গামোচা, শৰাই, কিতাপৰ টোপোলা আৰু প্ৰশস্তি পত্ৰৰে বিদায় সম্বৰ্ধনা জনোৱা হয়।

তদুপৰি নেপালী বস্তিত গোৰ্খা মহিলা সমিতি, জোনাই টাউন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক গোটৰ তৰফৰ পৰাও কৃতী শিক্ষয়িত্ৰী ৰেণু দলেক বিদায় সম্বৰ্ধনা জনায়। জোনাই মহকুমাৰ লাইমেকুৰী অঞ্চলৰ ৰামধন-দিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত দিখাৰী গাঁৱত ১৯৬৩ চনৰ ১ জুনত কৃতী শিক্ষক স্বৰ্গীয় ধৰ্মেশ্বৰ দলে আৰু স্বৰ্গীয়া আনন্তি দলেৰ গৰ্ভত জন্মগ্ৰহণ কৰা ৰেণু দলেয়ে উচ্চ শিক্ষা গ্ৰহণৰ পিছত ১৯৮৮ চনত নাহৰ বিজুলী প্রাথমিক বিদ্যালয়ত সহকাৰী শিক্ষয়িত্ৰী হিচাপে চাকৰি জীৱন আৰম্ভ কৰে।

তেওঁ ১৯৯০ চনৰ ১ ফেব্ৰুৱাৰীত ৰায়াংকুলি প্ৰাথমিক বিদ্যালয়লৈ বদলি হোৱা পিছত ১৯৯০ চনৰ ১৭ আগষ্টত পুনৰ নেপালী বস্তি প্রাথমিক বিদ্যালয়ত সহকাৰী শিক্ষয়িত্ৰী হিচাপে কর্তব্যত যোগদান কৰে। ২০০৬ চনৰ পৰা নেপালী বস্তি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ গুৰু দায়িত্ব পালন কৰি কৃতী শিক্ষয়িত্ৰী ৰেণু দলেয়ে আজি অৱসৰ দিনটোলৈ নিজৰ শিক্ষা বৃত্তিৰ সেৱা সুকলমে সামৰণি পৰে। ইপিনে অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে গীত-নৃত্য পৰিৱেশন কৰি উপস্থিত ৰাইজক আমোদ দিয়ে।

নেপালীবস্তি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰেণু দলেক বিদায় সম্বৰ্ধনা...
মণিপুৰ সংঘৰ্ষত নাগৰিকৰ হেৰুওৱা নথি-পত্ৰ পুনৰ প্ৰস্তুত কৰিব চৰকাৰে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in