মণিপুৰ সংঘৰ্ষত নাগৰিকৰ হেৰুওৱা নথি-পত্ৰ পুনৰ প্ৰস্তুত কৰিব চৰকাৰে...

মণিপুৰ সংঘৰ্ষত নাগৰিকৰ হেৰুওৱা নথি-পত্ৰ পুনৰ প্ৰস্তুত কৰিব চৰকাৰে...

ডিজিটেল ডেস্কঃ বৰ্তমানেও অশান্ত পৰিস্থিতিয়ে বিৰাজ কৰি আছে চুবুৰীয়া ৰাজ্য মণিপুৰত । দুটা ফৈদৰ মাজত হোৱা সংঘাতে ২মাহ অতিক্ৰম কৰিছে । এই উত্তপ্ত পৰিস্থিতিৰ বাবেই বহু লোকে আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে । আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা ৰাজ্য খনৰ বহু নাগৰিকৰে ইতিমধ্যেই হেৰাইছে বিভিন্ন গুৰুত্বপূৰ্ণ নথি পত্ৰ ।

এই লৈ শেহতীয়াকৈ ৰাজ্যখনৰ চৰকাৰে নাগৰিকৰ হেৰুওৱা নথি-পত্ৰসমূহ পুনৰ প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছে । বহুতৰে হেৰাইছে বেংক পাছবুক, আধাৰ কাৰ্ড, ৰেছন কাৰ্ড, পেঞ্চন কাৰ্ড, আধাৰ কাৰ্ড আদি । এই নথি সমূহ পুনৰ বনাই দিবলৈ সিদ্ধান্ত লৈছে চৰকাৰে । এই নথি-পত্ৰসমূহ প্ৰতিখন নথিৰ সংশিষ্ট বিভাগে পুনৰ প্ৰস্তুত কৰিব ।

ৰাজ্যখনৰ অতিৰিক্ত মুখ্য সচিবে জনোৱা অনুসৰি এম জি এনৰেগা আঁচনিৰ সহায়ত সাহাৰ্য শিবিৰত থকা লোকসকলক বিশেষ এম জি এনৰেগা প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । উল্লেখ্য যে উপাযুক্তসকলে বিডিঅ সকলৰ জৰিয়তে এই পুনৰ কাৰ্ড প্ৰস্তুত কৰা কামসমূহ নিৰীক্ষণ কৰিব ।

মণিপুৰ সংঘৰ্ষত নাগৰিকৰ হেৰুওৱা নথি-পত্ৰ পুনৰ প্ৰস্তুত কৰিব চৰকাৰে...
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগত বাধা সহস্ৰাধিক মহিলাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in