দুদিনীয়া ভ্ৰমণসূচীৰে ধেমাজিত সৰ্থেবাৰী নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰু প্ৰেমানন্দ

দুদিনীয়া ভ্ৰমণসূচীৰে ধেমাজিত সৰ্থেবাৰী নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰু প্ৰেমানন্দ

ডিজিটেল সংবাদ ,ধেমাজি : জগতত আধ্যাত্মিক জ্ঞানেৰে শান্তি বিলাব পাৰি। এনে মহান উদ্দেশ্য আগত ৰাখি বৰপেটা জিলাৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুজনা প্ৰেমানন্দ প্ৰভুৱে আৰম্ভ কৰিছিল যাত্ৰাৰ।

নিজে আহি ভক্তক সাক্ষাৎ দিয়া উদ্দেশ্যে চলিত মাহৰ ৫ ছেপ্টেম্বৰৰ পৰা যাত্ৰা আৰম্ভ কৰা গুৰুজনাই শনিবাৰে বিয়লি ধেমাজিত উপস্থিত হয়। তেওঁৰ একান্ত ভক্ত ৰাজীৱ কোচেঁ নতুনকৈ নিৰ্মান কৰি উলিওৱা ধেমাজি নগৰৰ ভৰালী চুকৰ গৃহত পৰ্দাপন কৰিভক্তসকলক প্ৰথম দিনা সাক্ষাৎ দিয়া পিছত দেওবাৰে দ্বিতীয় দিনাও বাপুচাংস্থিত ধেমাজি কৃষ্ণগুৰু শাখা সেৱাশ্ৰম, ধেমাজি চক্ৰত উপস্থিত হয় ৷

দেওবাৰে বিয়লি ২.০০ বজাত গুৰুজনাই ধেমাজি চক্ৰত উপস্থিত হোৱাৰ পূৰ্বেই ভক্তসকলে শাৰীপাতি একনাম কীৰ্তনৰ জৰিয়তে কৃষ্ণগুৰু কৃষ্ণগুৰু উচ্চাৰণ কৰি গুৰুজনাক আদৰণি জনায় ৷ পৰবৰ্তী সময়ত গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ চৰনত ভক্তসকলে সেৱা গ্ৰহন কৰে ৷ ইফালে ধেমাজি চক্ৰই গুৰুজনাৰ বাবে আচুতীয়াকৈ ৰখা গুৰু গৃহত ভক্তসকলৰ সৈতে বাৰ্তালাপ কৰে ৷

দুদিনীয়া ভ্ৰমণসূচীৰে ধেমাজিত সৰ্থেবাৰী নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰু প্ৰেমানন্দ
ট্ৰাক-ইনোভাৰ মুখামুখি সংঘৰ্ষ, থিতাতে নিহত ৭জন, আহত বহুতো...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in