৭ মাহ পূৰ্বে জীয়ৰীৰ সৈতে মিলি পত্নীয়ে হত্যা কৰিলে স্বামীকঃ গাত খান্দি উদ্ধাৰ কৰিলে আৰক্ষীয়ে...

৭ মাহ পূৰ্বে জীয়ৰীৰ সৈতে মিলি পত্নীয়ে হত্যা কৰিলে স্বামীকঃ গাত খান্দি উদ্ধাৰ কৰিলে আৰক্ষীয়ে...

author-image
Asomiya Pratidin
New Update
৭ মাহ পূৰ্বে জীয়ৰীৰ সৈতে মিলি পত্নীয়ে হত্যা কৰিলে স্বামীকঃ গাত খান্দি উদ্ধাৰ কৰিলে আৰক্ষীয়ে...

ডিজিটেল সংবদ ধেমাজিঃ ধেমাজি জিলাৰ অন্তৰ্গত অসম অৰুণাচলৰ সীমান্তবৰ্তী অঞ্চলৰ বৰদলনি আৰক্ষী চকী এলেকাৰ জয়ৰামপুৰৰ শংকৰপুৰ মাজগাওঁত স্বামীক পত্নী আৰু নিজ কন্যাই ৭ মাহৰ আগতে হত্যা কৰি গাঁতত পুতি থোৱা এক চাঞ্চল্যকৰ ঘটনা শুকুৰবাৰে পোহৰলৈ আহিছে ৷

Advertisment

ঘটনাৰ তথ্য অনুসৰি চলিত বছৰৰ ১৬ মে'ত স্বামী-স্ত্ৰীৰ মাজত হৈছিল কাজিয়াৰ সূত্ৰপাত ৷ পৰিস্থিতিৰ এনে হ'লগৈ যে,অৱশেষত পত্নী আৰু জীয়ৰীয়ে মিলি কোৰৰে ঘপিয়াই হত্যা কৰিলে স্বামী যাদৱ চুতীয়াক(৪৫)।

উল্লেখ্য, হত্যাকাৰী পত্নী আৰু জীয়ৰীয়ে শুকুৰবাৰে প্ৰায় ৭ মাহৰ আগতে হত্যা কৰা ঘটনাৰ বিষয়ে আৰক্ষীক দিলে স্বীকাৰোক্তি। ইয়াৰ পাছতে বাৰীত পুতি থোৱা মৃতদেহ দণ্ডাধীশৰ উপস্থিতত গোগামুখ আৰক্ষীয়ে শুকুৰবাৰে খান্দি উলিয়াই ৷ স্মৰ্তব্য, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই হত্যাকাৰী পত্নী আৰু জীয়ৰীক।

Also Read: কঠীয়াতলী শিক্ষাখণ্ডৰ অনা আৱাসিক প্ৰশিক্ষণ আৰু কৰ্মশালাৰ সামৰণি..

অপৰাধ