/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e840a0c3-7aba-4361-925e-f4db74b075e9/4.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: সহযাত্ৰী কমিউনিটি গ্ৰুপৰ উদ্যোগত ঘিলামৰা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত ঢকুৱাখনাৰ বান বিধস্ত অঞ্চল চেলাজান কছাৰী গাঁৱত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে এটা বিনামূলীয়া বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়।
পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা এই স্বাস্থ্য পৰীক্ষা শিবিৰটো ঘিলামৰা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসক ডা: বিজয় কুমাৰ শৰ্মা আৰু ডা: সাগৰ পল্লব হাজৰিকাৰ নেতৃত্বত চিকিৎসক, নাৰ্চ, চিকিৎসা কৰ্মীৰ ১০ জনীয়া এটা দলে গাঁওখনৰ ৰাইজক বিনামূলীয়াকৈ স্বাস্থ্য সেৱা আগবঢ়ায়।
ঢকুৱাখনা অঞ্চলৰ অন্যতম কমিউনিটি গ্ৰুপ সহযাত্ৰীৰ প্ৰচেষ্টাত শেহতীয়াকৈ বানত ক্ষতিগ্ৰস্ত হোৱা চেলাজান কছাৰী গাঁৱৰ ৰাইজৰ স্বাস্থ্য সজাগতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটো অনুষ্ঠিত কৰা বুলি সহযাত্ৰীৰ সভাপতি মাধৱ চুতীয়া আৰু সাধাৰণ সম্পাদক হেমচন্দ্ৰ লাহনে জানিবলৈ দিছে।
লগতে সভাপতি আৰু সাধাৰণ সম্পাদক দ্বয়ে কয় যে শিবিৰটোত গাঁওখনৰ ১০০ জনৰো অধিক লোকক স্বাস্থ্য পৰীক্ষা কৰে। এই লোকসকলক বিনামূলীয়াকৈ বিভিন্ন ঔষধ পাতি যোগান ধৰাৰ লগতে মহিলাসকলক চেনিটাৰী পেড প্ৰদান কৰা হয়। দুৰ্গম অঞ্চলত অনুষ্ঠিত এই শিবিৰটোত সহযাত্ৰীৰ সদস্যসকলৰ উপস্থিতিৰ লগতে গাঁৱৰ একাংশ ব্যক্তিয়েও সহযোহ আগবঢ়ায়।
সমাজৰ বিভিন্ন দিশত কাম কৰি থকা সহযাত্ৰীয়ে আগলৈয়ো এনে স্বাস্থ্য সজাগতা শিবিৰৰ লগতে বিভিন্ন সামাজিক, সাংস্কৃতিক কাম কৰি যাব বুলি সহযাত্ৰীৰ সভাপতি মাধৱ চুতীয়া আৰু সাধাৰণ সম্পাদক হেমচন্দ্ৰ লাহনে জানিবলৈ দিছে।
Also Read: গৌৰীপুৰৰ গদাধৰ নদীত নাও দুৰ্ঘটনা: পিতৃৰ মৃতদেহ উদ্ধাৰ, সন্ধানহীন পুত্ৰ