মহানগৰীত আপৰ "মোডী হাটাও দেশ বচাও" কাৰ্যসূচী...

ভাৰতৰ জনসাধাৰণে উন্নত চিকিৎসাৰ বাবে দূৰলৈ যাব নালাগিব, যুৱকসকলে নিযুক্তিৰ সুযোগ পাব আৰু কৃষকসকলে তেওঁলোকৰ শস্যৰ বাবে সর্বোত্তম মূল্য লাভ কৰিব।
মহানগৰীত আপৰ "মোডী হাটাও দেশ বচাও" কাৰ্যসূচী...

ডিজিটেল সংবাদ, গুৱাহাটী: মহানগৰীলৈ প্ৰধানমন্ত্ৰী আগমনৰ পূৰ্বে আপৰ বিশেষ কাৰ্যসূচী। এই উপলক্ষে আপ, অসমে দেওবাৰে এক সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত আপে কয় যে, স্বাধীনতা সংগ্ৰামৰ সময়ত শ্বহীদসকলে সপোন দেখিছিল যে যেতিয়া ৰাষ্ট্ৰই স্বাধীনতা লাভ কৰিব, নিৰক্ষৰতাৰ পৰা মুক্তি পাব আৰু দেশ এখন শিক্ষিত ৰাষ্ট্ৰ হৈ পৰিব।

ভাৰতৰ জনসাধাৰণে উন্নত চিকিৎসাৰ বাবে দূৰলৈ যাব নালাগিব, যুৱকসকলে নিযুক্তিৰ সুযোগ পাব আৰু কৃষকসকলে তেওঁলোকৰ শস্যৰ বাবে সর্বোত্তম মূল্য লাভ কৰিব। ব্ৰিটিছ শাসনৰ অধীনত চৰকাৰৰ বিৰুদ্ধে পত্রিকা বিতৰণ বা কাগজ পত্র প্রিন্ট কৰাটো বেআইনী ঘোষণা কৰি হৈছিল। ব্ৰিটিছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ নায়কসকলৰ কণ্ঠৰুদ্ধ কৰিবলৈ আইন প্ৰস্তুত কৰিছিল।

আৰু সেই একেই আদৰ্শেৰে ভাৰতৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এই আইনবোৰ পুনৰ দেশৰ প্ৰতিবাদী কণ্ঠৰুদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা হৈ আছে বুলি আপৰ ৰাজ্যিক যুটীয়া সমন্বয়ক কমল কুমাৰ মেধিয়ে এক সংবাদমেলত অভিযোগ কৰে। সেয়ে যোৱা ৩০ মাৰ্চৰ পৰা আম আদমি পাৰ্টীয়ে ভাৰতৰ ফেচিবাদী আৰু হিটলাৰী চৰকাৰৰ বিৰুদ্ধে দেশৰ সকলো প্ৰান্ততে ‘মোডী হাটাও দেশ বচাও' পোষ্টাৰ লগোৱা অভিযান আৰম্ভ কৰিছে।

ইতিহাসত কেতিয়াও ব্ৰিটিছ শাসনকালতো পোষ্টাৰ লগোৱাৰ বাবে ১৩৮ খন এজাহাৰ দাখিল কৰা হোৱা নাছিল। কিন্তু মোদী হাটাও দেশ বচাও পোষ্টাৰ লগোৱাৰ বাবে আম আদমি পাৰ্টীৰ ওপৰত আক্ৰমণ নমাই অনা হৈছে। সংবাদমেলত মেধিয়ে কয় যে, বর্তমান দেশৰ শ্ৰমিকসকলক দুখীয়া জীৱন-যাপন কৰিবলৈ বাধ্য কৰোৱা হৈছে। শদীত ভগত সিং আৰু বটুকেশ্বৰ দত্তই বিধানসভাত এটা বোমা নিক্ষেপ কৰিছিল কাৰণ শ্ৰমিকসকলৰ বিৰুদ্ধে সুৰক্ষা বিধেয়ক অনা হৈছিল।

কেন্দ্ৰীয় চৰকাৰে দেশৰ শ্ৰমিকসকলৰ সকলো আইন আৰু অধিকাৰ বিলুপ্ত কৰিছে। বর্তমান বিজেপি চৰকাৰৰ কাৰ্যকালত বিৰোধী পক্ষৰ কোনো নেতাই লোকসভাৰ ভিতৰতে হওঁক বা ৰাজপথতেই হওঁক কোনেও এইখন চৰকাৰক ৰাইজৰ স্বাৰ্থত প্ৰশ্ন কৰিব নোৱাৰে তথা সমালোচনা কৰিব নোৱাৰে।

বৰ্তমান এনে এক অৱস্থা হৈছে গৈ যে নিবনুৱাই সমস্যাই হওঁক, অত্যাধিক মূল্যবৃদ্ধিৰ কথায়েও হওঁক এই চৰকাৰখনৰ কাৰ্যকালত এনে প্রশ্নবিলাক সুধিলে অথবা সংবাদ মাধ্যমৰ আগত চৰকাৰখনৰ ব্যৰ্থতার বিষয়ে অভিযোগ কৰিলে বিৰোধীৰ কণ্ঠ ৰোধ কৰি দিয়া হৈছে। বৰ্তমান কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনৰ নিয়ন্ত্রণাধীন তদন্তকাৰী সংস্থা চিবিআই, চিআইডি, ইডি, আয়কৰ, পুলিচ এই সমস্ত শক্তিক বিৰোধীৰ কণ্ঠৰোধ কৰিবৰ বাবে নৰেন্দ্ৰ মোদীয়ে ব্যৱহাৰ কৰিছে বুলি উল্লেখ কৰে।

প্রধানমন্ত্রী মোডী য'তেই গৈছে তেওঁ তাতেই গৌতম আদানিৰ সাম্ৰাজ্যৰ বিকাশ নিশ্চিত কৰি আহিছে। এইগৰাকী উদ্যোগপতিৰ কোম্পানীয়ে ইমান কম দিনৰ ভিতৰত ইমান ধন ক'ৰ পৰা আহৰণ কৰিলে বুলি আম আদমি পার্টীয়ে প্রশ্ন উত্থাপন কৰিছে। প্রধামন্ত্ৰীৰ বাবে কিমান ঠিকা আদানিৰ কোম্পানীয়ে লাভ কৰিছিল, ইমান কমদিনৰ ভিতৰত আদানিৰ কোম্পানীত বিশ হাজাৰ কোটি টকা বিনিয়োগ কৰিবলৈ কোনে কাক হেঁচা দিছিল।

ভাৰতীয় ষ্টেক বেংক আৰু ভাৰতীয় জীৱন বীমা কোম্পানীক আদনিৰ গ্ৰুপৰ কোম্পানীত ধন বিনিয়োগ কৰিবলৈ কোনে হেঁচা দিছিল আদি প্ৰশ্নবোৰৰ উত্তৰ প্ৰধানমন্ত্রীয়ে নিদিলে। যেতিয়ালৈকে নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হৈ থাকিব, তেতিয়ালৈকে তেওঁ আদানিৰ লগতে দেশৰ পুঁজিপতি সকলৰ সম্পত্তি বাঢ়িহে গৈ থাকিব আৰু প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ বিৰুদ্ধে কোনো কেলেংকাৰীৰ তদন্ত কৰিবলৈ সাহস নহ'ব।

দেশৰ সংবিধান এইজন প্রধানমন্ত্ৰীৰ বাবে অসুৰক্ষিত হৈ আহিছে আৰু বিৰোধীৰ কণ্ঠস্বৰক মনেসজা গোচৰ তৰি কৰি দমন কৰাৰ প্ৰচেষ্টা কৰা হৈছে অথবা জেলত কাৰাবন্দী কৰি ৰাখিছে। আম আদমি পাৰ্টীৰ সমগ্ৰ দেশবাসীৰ প্ৰতি আহ্বান- আজি এই দেশ বচোৱাৰ সময়। সেয়েহে আপৰ এই পদক্ষেপ 'মোদী হাটাও দেশ বচাও' বুলি আপ অসমে প্ৰকাশ কৰে।

স্বাধীনতা সংগ্ৰামীসকলৰ আত্মাই এই স্বেৰাচাৰী চৰকাৰৰ বিৰুদ্ধে যুঁজিবলৈ আৰু দেশৰ ঐতিহ্য ৰক্ষা কৰিবলৈ শক্তি বুলি আপৰ সদস্য সকলে মত প্ৰকাশ কৰে। সংবাদমেলত যুটীয়া সমন্বয়ক কমল কুমাৰ মেধিৰ উপৰিও ৰাজ্যিক সম্পাদক ভিক্টৰ গগৈ, ৰুদ্ৰাংকুৰ হাজৰিকা, গীতা চহৰীয়া, ৰামা পৰিহাৰ উপস্থিত থাকে।

মহানগৰীত আপৰ "মোডী হাটাও দেশ বচাও" কাৰ্যসূচী...
ডবকা আৰু মোৰাঝাৰ আৰক্ষীৰ জালত ১৫ জুৱাৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in