/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/e15241fe-6344-4d15-a6db-5a9def02d944/gana_sabha.jpg)
ডিজিটেল সংবাদ, ধেমাজি : অনুসূচিত জাতিৰ ৰাইজক সাংবিধানিক পাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা, অনুসূচিত জাতিৰ গাওঁসমূহত থকা আৰ্দশ গাওঁ সমূহৰ চৰকাৰী পুজিঁ আজি পৰ্যন্ত বিজেপি চৰকাৰে মুকলি কৰি নিদিয়া, অন্যান্য জাতি জনজাতিৰ ক্ষেত্ৰত চৰকাৰে যি দৰে উন্নয়ন পৰিষদ গঠন কৰি বিকাশৰ চিন্তা কৰিছে যদিও অনুসূচিত জাতিৰ ক্ষেত্ৰত কিন্ত বিজেপি চৰকাৰখনে কোনো গুৰুত্ব নিদিয়াৰ পৰিলক্ষিত হোৱাৰ প্ৰতিবাদত দেওবাৰে ধেমাজি জিলা অনুসূচিত জাতিৰ আহবায়ক সমিতিৰ সৌজন্যত আৰু জিলাখনৰ দল, সংগঠনৰ আৰু ৰাইজৰ সহযোগত অনুসূচিত জাতিৰ ৰাইজৰ উন্নয়নৰ দাবীত ধেমাজি তিনি আলিসহ সমীপৰ ড° বি. আৰ. আম্বেদকাৰ ভৱনত এখনি বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷
ধেমাজি জিলাৰ অনুসূচিত জাতিৰ আহবায়ক সমিতিৰ কাৰ্য্যকৰী সভাপতি হৰেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাই অনুসূচিত জাতিৰ ৰাইজক চৰকাৰে বিভিন্ন দিশত সাংবিধানিক পাপ্যৰ পৰা সদায় বঞ্চিত কৰি ৰখা বিষয়কলৈ উপস্থিত ৰাইজে ক্ষোভ প্ৰকাশ কৰে ৷ সভাত অনুসূচিত জাতিৰ ৰাইজে সাংবিধানিক ভাৱে পাব লগা পাপ্য সমূহ শীঘ্ৰেই দিবলৈ চৰকাৰলৈ দাবী জনাই ভাষন প্ৰদান কৰে ক্ৰমে অনুসূচিত জাতিৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰনজিৎ দাস, অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বনমালী কাকতি, অনুসূচিত জাতি পৰিষদৰ প্ৰাক্তন সভাপতি কামেশ্বৰ দাস, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ধেমাজি জিলাৰ সভাপতি পৰমা দাস, ধেমাজি জিলাৰ অনুসূচিত জাতিৰ আহবায়ক সমিতিৰ সভাপতি অতুল দাস, চিলাপথাৰৰ ব্ৰজেন দাস, কৃষ্ণ বনিয়া আৰু নবল শংকৰ শইকীয়াই ৷
সভাত আগুন্তক দিনত অনুসূচিত জাতিৰ ৰাইজৰ উন্নয়নৰ কাম কাজ আগবঢ়াই নিয়াৰ স্বাৰ্থত ধেমাজিৰ জ্যেষ্ঠ ব্যক্তি তথা অসম চৰকাৰৰ ৰেচম বিভাগৰ অৱসৰপ্ৰাপ্ত উচ্চ বৰ্গৰ সহায়ক তথা লখিমপুৰ জিলা আমোলা সন্থাৰ সভাপতি হৰেন বৰাক সভাপতি আৰু পবিত্ৰ শইকীয়াক সাধাৰন সম্পাদক হিচাপে এখনি ২১ জনীয়া অনুসূচিত জাতিৰ নাগৰিক মঞ্চ গঠন কৰা হয়।
Also Read: বৰহোলা জয়ৰাম চুতীয়া ক্ষেত্ৰত সাত দিনীয়া কাৰ্যসূচীৰে আৰম্ভ সদৌ অসম শিশু ভাওনা সমাৰোহ