/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/4e9b2cfb-0a15-46cb-8157-82d52a8497fe/bekajan_1.jpg)
ডিজিটেল সংবাদ, বেকাজান : শংকৰ- মাধৱ শিশু শিল্পী সমাজ আৰু বৃহত্তৰ বৰহোলা ৰাইজৰ সহযোগত কলাকুঞ্জত বাকৰিত দেওবাৰৰ পৰা সাত দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম প্ৰথম বাৰ্ষিক শিশু ভাওনা সমাৰোহ ।
সমাৰোহ উপলক্ষে পুৱা শিশু ভাওনা সমাৰোহৰস্থলী 'শিক্ষাবিদ জয়ৰাম চুতীয়া ক্ষেত্ৰত' উদ্বোধন কৰে বৰহোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ডম্বৰু চুতীয়াই । আনহাতে শিশু ভাওনা সমাৰোহখনিৰ শিশু গায়ন-বায়নেৰে পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি নবীন হাজৰিকাই।
দুপৰীয়া ভাওনা সমাৰোহৰ মঞ্চ উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিজয়মোহন সন্দিকৈয়ে । ভাষণত তেওঁ কয় শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনাক পৰিশীলত ৰূপত নতুন প্ৰজন্মৰ মাজ লৈ যোৱাৰ লগতে মানৱতাবাদ, সাম্যবাদ, সামাজিক ঐক্য জনগোষ্ঠীয় সমন্বয়ৰ বাবে অতি প্ৰাংসগিক হৈ পৰিছে।
সেয়ে বৃহত্তৰ বৰহোলাবাসী ৰাইজে আজি এনেদৰে সাতদিনীয়াকৈ শিশু ভাওনা সমাৰোহ আয়োজন কৰিছে । শিশু ভাওনা সমাৰোহৰ উপলক্ষে সম্পাদনা কৰি উলিওৱা স্মৃতিগ্ৰন্থ উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে। ইয়াৰ পাছতে যোৰহাটৰ কল্পতৰু নাট্য গোষ্ঠীৰ শিশু শিল্পীসকলে পৰিবেশন কৰে লক্ষ্মণ বৰ্জন ভাওনা আৰু শিৱসাগৰ মূৰাৰী সাংস্কৃতিক গোষ্ঠীৰ গো কৰ্ণ - ধুন্দকাৰী আখ্যান ভাওনা প্ৰদৰ্শন কৰা হয় ।
উল্লেখযোগ্য যে কাইলৈৰ পৰা অহা দুই এপ্ৰিললৈ অসমৰ বিভিন্ন ঠাইৰ শিশুসকলে ১৪খনকৈ ভাওনা প্ৰদৰ্শন কৰিব । বৰ্ণিল আলোক সজ্জাৰে আয়োজন কৰা এই সদৌ অসম শিশু ভাওনা সমাৰোহলৈ যথেষ্ট দৰ্শকৰ আগমন ঘটিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us