চিলাপথাৰত বাঙালী জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস

চিলাপথাৰত বাঙালী জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত বাঙালী জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস

ডিজিটেল সংবাদ,ধেমাজিঃ সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে হিন্দু বাঙালীসকলক ৰাজনৈতিকভাৱে হত্যাৰ গভীৰ যড়যন্ত্ৰ কৰা হৈছে। এই অভিযোগ বাঙালী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বিশ্বাসৰ।

Advertisment

চিলাপথাৰৰ মাজৰবাৰীত শনিবাৰে অনুষ্ঠিত সংগঠনটোৰ একাদশ সংখ্যক প্ৰতিষ্ঠা দিৱসত এইদৰে মন্তব্য কৰে বাঙালী সংগঠনটোৰ সাধাৰণ সম্পাদকগৰাকীয়ে। ভাৰতীয় নিৰ্বাচন আয়োগে অসমৰ বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে প্ৰকাশ কৰা খচৰাক উষ্ম আদৰণী জনাইছে যদিও প্ৰস্তাৱিত ৭৯ নং চিচিবৰগাওঁ বিধানসভা সমষ্টি (সংৰক্ষণ মুক্ত)সমষ্টিটোত চিচিবৰগাওঁ উন্নয়ন খণ্ডৰ অধীনৰ বাঙালী গাঁৱসমূহ এক যড়যন্ত্ৰমূলকভাৱে অন্তৰ্ভুক্তৰ পৰা বাদ পেলোৱা হৈছে।

সম্পূৰ্ণ ৰাজনৈতিকভাৱে হিন্দু বাঙালীসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিবলৈ জোনাই সমষ্টিৰ গৰিষ্ঠসংখ্যক হিন্দু বাঙালীসকল দ্বিখণ্ডিত কৰাৰ অভিযোগ তোলে বাঙালী জাতীয় পৰিষদে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা মতে প্ৰস্তাৱিত চিচিবৰগাঁও‍ বিধানসভা সমষ্টিত অন্তৰ্ভূক্তৰ পৰা চিচিবৰ ৰাজহ চক্ৰত বছৰ বছৰ ধৰি চিমেনমুখ,মুক্তিয়াৰ,পঞ্চায়তত বসবাস কৰা হিন্দু বাঙালীৰ গাঁৱসমূহ প্ৰস্তাৱিত চিচিবৰগাঁও বিধানসভা সমষ্টিত (সংৰক্ষণ মুক্ত) অন্তৰ্ভূক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ লগতে মুখ্যমন্ত্ৰীক অনুৰোধ জনাই সংগঠনটোৱে।

লগতে গাওঁ পঞ্চায়ত দ্বিখণ্ডিত কৰি এক চেটেলাইট মাধ্যমত সমষ্টি গঠন নকৰিবলৈয়ো আহ্বান জনায়। তদুপৰি উল্লেখিত গাওঁ পঞ্চায়ত সম্পূৰ্ণ দ্বিখণ্ডিত নকৰি অসমীয়া,বাঙালী, মিচিং সকলোকে লৈ চিমেন নদী সীমা হিচাপে কৰি প্ৰস্তাৱিত ৭৯ নং চিচিবৰগাওঁ বিধানসভা সমষ্টি গঠনৰ দাবী জনায়।

প্ৰয়োজন হ'লে চিলাপথাৰ পৌৰসভাৰ এলেকাত বসবাস কৰা বাঙালী এলেকাসমূহ জোনাই সমষ্টিত অন্তৰ্ভূক্ত কৰি দিয়ক তথাপিও হিন্দু বাঙালী সকলক দ্বিখণ্ডিত নকৰিবলৈ দাবী জনায়। উল্লেখ্য যে, চিলাপথাৰৰ মাজৰবাৰীত অনুষ্ঠিত হোৱা বাঙালী জাতীয় পৰিষদৰ একাদশ সংখ্যক প্ৰতিষ্ঠা দিৱসত সভাত হিন্দু বাঙালী গাঁৱসমূহ প্ৰস্তাৱিত সংৰক্ষণ মুক্ত চিচিবৰগাঁও বিধানসভা সমষ্টিত অন্তৰ্ভূক্ত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। অন্যথা ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ গঢ়ি তোলা হ'ব বুলি সকিয়নি প্ৰদান কৰে।

Also Read: ৰান্ধনিক ইউক্ৰেইন যুদ্ধৰ নায়ক সজাই বিপদত পুটিন

silapathar