/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/78a6713e-903c-4f14-a7d6-eab852a7662a/dhemaji.jpg)
ডিজিটেল সংবাদ, জোনাইঃ ৰাজ্যত অব্যাহত আছে বানৰ বিভীষিকাময় পৰিস্থিতি । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জোনাইৰ বেৰা চাপৰিত চিয়াং নদীৰ বানে জ্বলা-কলা খুৱাইছে অঞ্চলবাসী ৰাইজক । বানৰ কবলত পৰি জলবন্দী হ'বলগীয়া হৈছে শতাধিক পৰিয়াল । যাৰ ফলত মথাউৰীত আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছে বহুতো পৰিয়ালে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a4810145-b81f-4256-a484-d44f965566ff/7679ce01_1fb0_4666_90a6_f893f79a6294.jpg)
তিনিদিন ধৰি হোৱা বৰষুণৰ ফলত উফন্দি উঠা চিয়াং নদীৰ পানীয়ে প্লাৱিত কৰিছে বৰ চাপৰিৰ বিস্তৃৰ্ণ অঞ্চল। বানৰ পৰা পৰিত্ৰাণ পাবলৈ সজাই লোৱা ওখ ওখ চাংঘৰো বুৰাই পেলাইছে চিয়াঙৰ বলীয়া বানে। বানৰ ফলত একাঠু পৰ্যন্ত পানী গঞাৰ পাকঘৰ আৰু শষ্যৰ ভঁড়ালত।
ঘৰ-বাৰী, চোতাল, কৃষি পথাৰ বুলি ক'বলৈ নাই সকলোতে কেবল পানী আৰু পানী। বুৰাই পেলাইছে বহু মীন পালন পুখুৰী। বয়-বস্তু ৰাখিবলৈ আৰু ৰান্ধি খাবলৈ ঠাইৰ অভাৱত ভুগিছে অঞ্চলবাসী ৰাইজে । পোহনীয়া জীৱ-জন্তু ৰাখিবলৈকো নিৰাপদ স্থানৰ অভাৱ হৈছে অঞ্চলটোত। বাট-পথৰো নাইকীয়া হৈ পৰিছে কোনো চিন মোকাম।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/5ce1f807-441d-4b94-bc7c-00623340b786/2aeff633_47a4_4dd7_985f_df7a702fbfd4.jpg)
যাতায়তৰ বাবে টুলুঙা নাৱেই শেষ ভৰষা হৈছে বেৰা চাপৰিৰ বন্যাৰ্তসকলৰ বাবে।মথাউৰীতে আশ্ৰয় লৈ চৰম অনিশ্চিয়তাত জীৱন কটাইছে উপায়বিহীন ৰাইজে।
বানত ককবকাই থকা ৰাইজক তিনিটা দিনে খবৰ ল'বলৈ আহৰি পোৱা নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই । এই লৈ অভিযোগ উত্থাপন কৰিছে জলবন্দী ৰাইজে । শীঘ্ৰেই বান বিধ্বস্ত অঞ্চল সমূহৰ পৰিদৰ্শন কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসন তথা চৰকাৰৰ ওচৰত আহ্বান জনাইছে বানত বিধ্বস্ত ৰাইজে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/743633fa-df74-4539-a15a-1226e317da13/5ec928f1_79bd_4a86_a64f_c74336248cc5.jpg)
Also Read: কার্বি আংলঙত জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছন সন্দৰ্ভত পৰ্যালোচনা সভা