চিলাপথাৰত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

চিলাপথাৰত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

ডিজিটেল সংবাদ,চিলাপথাৰ : চিলাপথাৰত অব্যাহত আছে কৃতি ছাত্ৰ -ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান। ৰবিবাৰে কুলাজনত 'জংকৌ দলে অপে কেন্দ্ৰীয় কমিটি'ৰ উদ্যোগত আৰু আঞ্চলিক কমিটিৰ সহযোগত অনুষ্ঠিত হয় এক অভিনন্দন অনুষ্ঠান।

Advertisment

২০২৩-২৪ বৰ্ষত HSLC,HS আৰু CBSC'ৰ বিভিন্ন পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শতাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাই উৎসাহিত কৰিলে উদ্যোক্তাসকলে। আশানুৰূপ সফলতা লভি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা কৃতি ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ মানপত্ৰ আৰু ফুলাম গামোচাৰ সম্বৰ্ধনা জ্ঞাপন কৰে।

আয়োজক সমিতিৰ সভাপতি মনিকান্ত দলেৰ সঞ্চালনাত অনুষ্ঠিত হয় সভাখন। আনহাতে সম্পাদক লোমা কান্ত দলেই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।

কঠোৰ অধ্যাৱসায়, পৰিশ্ৰম, শিষ্টাচাৰ, মনোযোগ, অনুশীলন আৰু সাধনাৰ জৰিয়তে জীৱন বাটত আগুৱাবলৈ আহ্বান জনাই কেবাজনো বিশিষ্ট অতিথিয়ে গঠনমূলক পৰামৰ্শৰে বক্তব্য প্ৰদান কৰে। পিতৃ-মাতৃৰ লগতে শিক্ষকৰ প্ৰতি শ্ৰদ্ধাশীল হোৱা উচিত। সকলো শিক্ষা গুৰুকে যথোচিত উচিত সন্মান প্ৰদৰ্শন কৰিবলৈ পৰামৰ্শ দিয়ে কেবাজনো বিশিষ্ট ব্যক্তিয়ে।

উল্লেখযোগ্য যে স্কুল, কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে আমন্ত্ৰিত অতিথি আৰু সংবাদ সেৱী সকলকো সম্বৰ্ধনা জনায়। উমেশ দলে, ৰবিনাথ দলে, বিধান দলে, যোগেশ দলে, যাদৱ দলে, নৰেন দলে, কুলেশ্বৰ দলে, দেৱজিত দলেৰ লগতে জংকৌ দলে অপে কেন্দ্ৰীয় কমিটিৰ উপদেষ্টা, কৰ্মকৰ্তা, শিক্ষক,বিশিষ্ট সমাজ কৰ্মী, ছাত্ৰ ছাত্ৰী আৰু বহু অভিভাৱক ৰাইজ উপস্থিত থাকি সভাখন সফল কৰি তোলে।

Also Read: ঢকুৱাখনাত তিনি কিশোৰৰ সলিল সমাধি

silapathar