ঢকুৱাখনাত তিনি কিশোৰৰ সলিল সমাধি

ঢকুৱাখনাত তিনি কিশোৰৰ সলিল সমাধি

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত তিনি কিশোৰৰ সলিল সমাধি

ডিজিটেল সংবাদ, ঢকুৱাখনা : এক নিঃকৰুণ ঘটনাই দেওবাৰে শোকাচন্ন কৰি তোলে ঢকুৱাখনা । ঢকুৱাখনা মহকুমাৰ সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত চেনিমাৰী গাঁৱৰ তিনিটা নিৰ্বোধ শিশুৰ দেওবাৰে বিয়লি সলিল সমাধি ঘটে।

Advertisment

ঘটনাৰ বিৱৰণী মতে সোনাৰী চাপৰিৰ চেনিমাৰী গাঁৱৰ পবিত্ৰ নাথ, অমিতেশ্বৰ চুতীয়া আৰু গোগামুখৰ চেলাজান গাঁৱৰ নন্দ নাথৰ প্ৰায় ১০ বছৰীয়া তিনি পুত্ৰ ক্ৰমে বিশাল নাথ , জিন্টু চুতীয়া আৰু সমীৰণ নাথে গ্ৰীষ্ম বন্ধৰ বাবে একত্ৰিত হৈ পবিত্ৰ নাথৰ ঘৰৰ দাঁতিত থকা এটা পুখুৰীত নামি গা ধুই আছিল। এনেতে তিনিওটি কিশোৰ পানীত ডুব যায় ।

বহু সময়লৈ ঘৰলৈ নহাত আত্মীয়ই চাবলৈ গৈ তিনিওকে পুখুৰীত পৰি থকা দেখি ক্ষীপ্ৰতাৰে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ আনে । কিন্তু চিকিৎসকে তিনি কিশোৰক মৃত ঘোষণা কৰে ।

ইয়াকে লৈ চিকিৎসালয় চৌহদ আত্মীয়ৰ ক্ৰন্দনত মুখৰ হৈ পৰে । চিকিৎসালয়ত ঢকুৱাখনা সদৰ থানাৰ অচি কুলদ্বীপ গগৈ উপস্থিত হৈ মৃত কিশোৰ কেইটাক মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।

গোগামুখৰ পৰা আত্মীয়ৰ ঘৰত ফুৰিবলৈ আহি অকাল মৃত্যুক সাৱটি লোৱা শিশুটিৰ লগতে চেনিমাৰী গাঁৱৰ দুটি শিশুৰ অকাল বিয়োগত সমগ্ৰ ঢকুৱাখনাত শোকৰ ছাঁ পৰিছে ।

Also Read: এইসকলে হেলমেট নিপিন্ধিলেও ভৰিব নালাগে জৰিমনা

dhakuakhana