ধেমাজি জিলা কৃষি কাৰ্য্যালয়ত কৃষক প্ৰশিক্ষণ অনুষ্ঠান

ধেমাজি জিলা কৃষি কাৰ্য্যালয়ত কৃষক প্ৰশিক্ষণ অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
ধেমাজি জিলা কৃষি কাৰ্য্যালয়ত কৃষক প্ৰশিক্ষণ অনুষ্ঠান

ডিজিটেল সংবাদ, ধেমাজি: ধেমাজি জিলা কৃষি কাৰ্য্যালয়ৰ চৌহদৰ জ্ঞান কেন্দ্ৰ তথা প্ৰশিক্ষণ ভৱনত বুধবাৰে “প্ৰাকৃতিক কৃষি”ৰ ওপৰত চেম্পিয়ন কৃষক আৰু অন্যান্য কৃষকসকলৰ মাজত জিলা পৰ্যায়ত প্ৰশিক্ষণ অনুষ্ঠিত হয় ৷ পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞ ড° বিনীতা কোৱঁৰ আৰু ড° অভিলাছ কৌশিক বৰঠাকুৰ ৷

Advertisment

জিলাখনৰ ৩০ গৰাকী প্ৰগতিশীল কৃষক উপস্থিত থকা প্ৰশিক্ষণটিৰ আতঁ ধৰে বৃটিকুৰ কৃষি উন্নয়ন বিষয়া দিক্ষীতা শইকীয়াই৷ বৰ্তমান প্ৰকৃতি সুৰক্ষা, কৃষি ভূমিৰ ধাৰণশীলতা ৰক্ষা, মানৱ স্বাস্থ্যৰ সুৰক্ষা আদি প্ৰত্যাহৱানমূলক বিষয়ৰ বিকল্প সন্ধানৰ ফলশ্ৰুতিত প্ৰাকৃতিক কৃষি প্ৰণালীৰ প্ৰাসংগিকতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। 'প্ৰাকৃতিক কৃষি প্ৰণালী' বিষয় বস্তু সম্পৰ্কে হোৱা প্ৰশিক্ষণত প্ৰগতিশীল কৃষকক প্ৰাকৃতিক কৃষিৰ প্ৰণালীৰ দ্বাৰা শূন্য ব্যয়েৰে কেনেকৈ অধিক উপকৃত হ'ব পাৰে তাৰ ওপৰত পিপিটি(PPT) ৰ জৰিয়তে সমল ব্যক্তিসকলে প্ৰশিক্ষণ প্ৰদান কৰে৷

এই উপলক্ষে অনুষ্ঠিত হোৱা সভাখনত মহকুমাৰ কৃষি বিষয়া ও বীজ উন্নয়ন বিষয়া তুশীল চুতীয়া আৰু ধেমাজি কৃষি উন্নয়ন বিষয়া ৰেখাংকণা পেগুৰ লগতে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী সকলও উপস্থিত থাকে।

Also Read: "ভূপেন বৰাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ব্যক্তিগত হিংসা আছে" -মন্ত্ৰী পীযুষ হাজৰীকা

farmer training dhemaji