/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/7d2d159f-f57d-4bc1-800a-2a63fc6d14f9/dhemaji_28.jpg)
ধেমাজি ডায়েটত আবেগিক বিদায় সম্বৰ্ধনা...
ডিজিটেল সংবাদ ধেমাজিঃ ২০২১-২৩ বৰ্ষৰ ডায়েট, ধেমাজিৰ শিক্ষাৰ্থীসকলক বিদ্যায় সম্বৰ্ধনা জনোৱাৰ উদেশ্যে বুধবাৰে অনুষ্ঠিত হয় এক গম্ভৰ্যপূৰ্ণ সম্বৰ্ধনা সভা। ধেমাজি শিলআলিস্থিত প্ৰতিষ্ঠাটোৰ প্ৰবেশদ্বাৰৰ পৰাই ডি এল এড আৰু বি এড মহলাৰ বিদায়ী শিক্ষাৰ্থীকসকলক আদৰি নিয়া হয়।
প্ৰতিষ্ঠানৰ ছাত্ৰ ইউনিয়ন ফ'ৰামৰ সম্পাদক তুল তুল বৰুৱাই উদেশ্য ব্যাখ্যা কৰা সভাৰ সঞ্চালনা কৰে অধ্যক্ষ হৰিনাথ বৰাই। পাপৰি গগৈ, দিব্যদুতি গগৈ আৰু পিনাকী দত্তই আঁত ধৰা সভাখনৰ আৰম্ভণিতে শিক্ষাৰ্থীসকলে পৰিৱেশন কৰে এটা সুমধুৰ সমবেত সংগীত।
ইয়াৰ পিছতে সদ্য প্ৰয়াত প্ৰাক্তন শিক্ষাৰ্থী তথা প্ৰবক্তা পূৰ্ণ কান্ত চমুৱাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে ক্ষণিক মৌন ব্ৰত পালন কৰা হয়। ইয়াৰ পাছতে প্ৰবক্তাসকলৰ দুৱাষাৰত জ্যেষ্ঠ প্ৰবক্তা ভূপেন দাসে প্ৰয়াত শিক্ষক পূৰ্ণকান্ত চমুৱাৰ অকাল মৃত্যুৰ ঘটনাই অনুষ্ঠানখনৰ লগতে ক্ষেত্ৰখনৰ অপূৰনীয় ক্ষতি সাধন কৰা বুলি কৈ আত্মাৰ সদগতিৰ কামনা কৰে।
ডায়েট ধেমাজিৰ জেষ্ঠ্য প্ৰবক্তা জুনিছ পাতিৰে বিদায়ী শিক্ষাৰ্থীসকলৰ ভবিষ্যত উন্নয়ণৰ কামনা কৰি কেবল অৰ্হতা বা প্ৰমাণ পত্ৰই শেষ কথা নহয় বুলি উল্লেখ কৰি শিক্ষাৰ্থীসকলে নিজা নিজা মানসিকতাৰে উন্নয়ন সাধিব লাগিব বুলি কয়। ইয়াৰ পিছতে বিদায়ী শিক্ষাৰ্থীসকলক প্ৰদান কৰা হয় প্ৰশস্তি পত্ৰৰ লগতে উপহাৰৰ টোপোলা।
প্ৰবক্তা বিবিমনি গগৈয়ে তিনিগৰাকী কৃতী পৰীক্ষাৰ্থীক বিশেষভাৱে সম্বৰ্ধনা জনাই এটা দীঘলীয়া স্বৰচিত লিমাৰিক পাঠ কৰি সকলোকে আপ্লুত কৰে। অনুষ্ঠানত বিদায়ী শিক্ষাৰ্থীসকলে দুবছৰীয়া পাঠ্যক্ৰমৰ সময়ছোৱাত সঞ্চিত অনুভৱৰ উপৰত বহু গুৰুত্বপূৰ্ণ অথচ আবেগিক বক্তব্য প্ৰদান কৰে।
কাৰ্যসূচীৰ মাজে মাজে শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা সমবেত সংগীত,বৰগীত, বিহু,আধুনিক গীতে অনন্য কৰি তোলে পৰিবেশ। ছাত্ৰ উন্নয়ন মঞ্চৰ প্ৰাক্তন সম্পাদক চক্ৰৱৰ্তী বৰগোহাঁয়ে গুৰুতত্বপূৰ্ন বক্তব্য প্ৰদান কৰি বিদায়ী শিক্ষাৰ্থীসকলৰ হৈ প্ৰতিষ্ঠানৰ শিক্ষক কৰ্মচাৰীসকলক ধন্যবাদ জনায়।
অনুষ্ঠানৰ শেষত প্ৰতিষ্ঠানৰ অধ্যক্ষ হৰনাথ বৰাই সকলোৰে উন্নত ভবিষ্যত কামনা কৰি সভাৰ অভিভাষণেৰে সভাৰ অন্ত পেলায়। অনুষ্ঠানত প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তা ভুৱনেশ্বৰ ইংতি,তনুজ টায়েং,পবিত্ৰ কুমাৰ দাস,দিব্যজ্যোতি গগৈ,মায়াশ্ৰী চেতিয়া ফুকন,ড০ দিনী বৰা,শিখামনি গগৈ,জুৰিস্মিত শ্যাম,মায়াৰানী পাৱে, দৰ্শনা গগৈ, মমতা গগৈ আদি সকলো শিক্ষক কৰ্মচাৰী উপস্থিত থাকি সভাৰ শোভাৱৰ্ধন কৰে।
সভাৰ শেষত সভাপতিৰ মন্তব্যত অধ্যক্ষ বৰাই "সময়ৰ অনুক্ৰমতে জীৱন চাকৰি ঘূৰে। শ্ৰেণীকোঠাৰ চাৰিবেৰৰ মাজত জীৱন গঢ়াৰ ছন্দ। স্মৃতিৰ পাতত জিলিকি ৰয় সোঁৱৰণী ধাৰা " বুলি কৈ সকলোৰে কুশল কামনা কৰি কাব্যিক মন্তব্যৰে সভাৰ অন্ত পেলায়।
Also Read: এদিনীয়া ক্ৰিকেট বিশ্বকাপঃ সম্পূৰ্ণ ACA ৰ প্ৰস্তুতি, ৩০ ছেপ্টেম্বৰত ভাৰত-ইংলেণ্ডৰ মেচ...