হাতে-হাতে বেনাৰ লৈ প্ৰাপ্যৰ দাবীত প্ৰাক্তন সেনাবাহিনীৰ প্ৰতিবাদ

ধেমাজি জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীলৈ সুকীয়া- সুকীয়াকৈ দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷
হাতে-হাতে বেনাৰ লৈ প্ৰাপ্যৰ দাবীত প্ৰাক্তন সেনাবাহিনীৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,ধেমাজিঃ চৰকাৰৰ পৰা প্ৰাপ্য পোৱাত বিসংগতিৰ অভিযোগ একাংশ সেনাবাহিনীৰ লোকৰ। ধেমাজি জিলা প্ৰাক্তন সেনাবাহিনীৰ প্ৰায় ডেৰ শতাধিক প্ৰাক্তন সেনাবাহিনীয়ে হাতে-হাতে বেনাৰ,পোষ্টাৰ আৰু প্লে'কাৰ্ড লৈ মঙ্গলবাৰে দুপৰীয়া এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ধেমাজি কাছাৰী ময়দানৰ সমীপত থকা প্ৰাক্তন ধেমাজি জিলা সেনাবাহিনী কাৰ্যালয়ৰ পৰা প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ কৰি এক পদ,এক পেঞ্চনৰ ব্যৱস্থা কৰক,প্ৰাক্তন সেনাবাহিনী বীৰ- বীৰঙ্গনা লোকসকলৰ বাবে সকলো প্ৰয়োজনীয় সা- সুবিধাসমূহ ব্যৱস্থা কৰা,শত্ৰুৰ বিৰুদ্ধে যুঁজ দি চাকৰিকালতে শাৰীৰিকভাৱে অক্ষম হোৱা বীৰ- বীৰঙ্গনাসকলৰ লগতে চাকৰি কাৰ্যকাল পুৰ্ণাঙ্গ নোহোৱা প্ৰাক্তন সেনাবাহিনী লোকসকলৰ বাবে কোনো বিসংগতি নোহোৱাকৈ পাৰিতোষিক আৰু অন্যান্য সা- সুবিধাসমূহ আদায় দিয়াৰ ব্যৱস্থা কৰা,প্ৰাক্তন বিষয়া,প্ৰাক্তন সেনা জোৱান আৰু প্ৰাক্তন সেনাৰ পৰিয়ালৰ মাজত চৰকাৰৰ পৰা পাব লগা সা- সুবিধা আৰু পাৰিতোষিক বিসংগতিসমূহ দূৰ কৰাকে ধৰি বহুকেইটা সমস্যা সমাধানৰ দাবী উত্থাপন কৰে।

প্ৰাক্তন সেনাবাহিনীৰ লোকসকলে উক্ত দাবীসমূহ উত্থাপন কৰি ধেমাজি উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীৰ শেষত এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে।

প্ৰাক্তন ধেমাজি জিলা সেনাবাহিনী সমিতিৰ সভাপতি বনমালী চুতীয়াৰ পৰিচালনাত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত প্ৰাক্তন সেনাবাহিনী জিলা সমিতিৰ উপ-সভাপতি অতুল বৰগোহাঁই আৰু সম্পাদক পদ্মেধৰ পেগুৱে বক্তব্য ৰাখে ৷ কাৰ্যসূচীৰ অন্তত প্ৰাক্তন ধেমাজি জিলা সেনাবাহিনী সমিতিৰ সভাপতি বনমালী চুতীয়াৰ দ্বাৰা এক স্বাক্ষৰ সম্বলিত স্মাৰকপত্ৰৰে দাবীসমূহ ধেমাজি জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীলৈ সুকীয়া- সুকীয়াকৈ দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

হাতে-হাতে বেনাৰ লৈ প্ৰাপ্যৰ দাবীত প্ৰাক্তন সেনাবাহিনীৰ প্ৰতিবাদ
মুম্বাইৰ এটি ২৮ মহলীয়া অট্টালিকাত অগ্নিকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in