মুম্বাইৰ এটি ২৮ মহলীয়া অট্টালিকাত অগ্নিকাণ্ড

মুম্বাইৰ এটি ২৮ মহলীয়া অট্টালিকাত অগ্নিকাণ্ড

ডিজিটেল ডেস্কঃ মুম্বাইত বিধ্বংসী অগ্নিকাণ্ড। মহানগৰখনৰ ঘাটকোপাৰ অঞ্চলত অগ্নিকাণ্ড সংঘটিত হয়।

জানিব পৰা অনুসৰি, অঞ্চলটিৰ আৰ চিটি মলৰ সমীপৱৰ্তী ২৮ মহলীয়া অট্টালিকাৰ ১৫ নং মহলাৰ এটি কোঠাত অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে অগ্নিকাণ্ডৰ ফলত কোনোলোক আহত হোৱা নাই।

ইতিমধ্যে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈছে বুলি জানিব পৰা গৈছে। আনহাতে অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

মুম্বাইৰ এটি ২৮ মহলীয়া অট্টালিকাত অগ্নিকাণ্ড
বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ব'নমেৰ’ ট্ৰান্সপ্লাণ্ট ইউনিট উদ্বোধন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in