চিলাপথাৰ ডিমৌৰ দুখন উচ্চ শিক্ষানুষ্ঠানৰ নিৰ্বাচন সম্পন্ন

চিলাপথাৰ ডিমৌৰ দুখন উচ্চ শিক্ষানুষ্ঠানৰ নিৰ্বাচন সম্পন্ন

author-image
Asomiya Pratidin
New Update
চিলাপথাৰ ডিমৌৰ দুখন উচ্চ শিক্ষানুষ্ঠানৰ নিৰ্বাচন সম্পন্ন

ডিজিটেল সংবাদ, চিলাপথাৰ : চিলাপথাৰ ডিমৌ অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ডিমৌ চিনিয়ৰ চেকেণ্ডেৰী আৰু ডিমৌ চাৰিআলি কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হয় যায়। সোমবাৰে অনুষ্ঠিত ডিমৌ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ নিৰ্বাচনত ক্ৰমে ৰাজা পাংগিং উপ সভাপতি, ৰাহুল তিমচিনা সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়।

Advertisment

একেদৰে নিতুমনি গগৈ সহকাৰী সাধাৰণ সম্পাদিকা, হিমান্ত মিলি ক্ৰীড়া সম্পাদক, নমিতা চেত্ৰী সংস্কৃতিক সম্পাদিকা হিচাপে নিৰ্বাচিত হয়। তনুজা পাংগিং সমাজ সেৱা সম্পাদিকা, চয়ুং চুংক্ৰাঙ ছাত্ৰী জিৰণি চ'ৰা সম্পাদিকা, তপন টায়ে ছাত্ৰ জিৰণি চ'ৰাৰ সম্পাদক, ভাসন্তী সিংহা আলোচনী সম্পাদিকা হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হয়।

শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ইন্দ্ৰকান্ত দিহিঙীয়াৰ তত্বাবধানত অনুষ্ঠিত নিৰ্বাচনত প্ৰবক্তা অবন কুমাৰ দলে মুখ্য নিৰ্বাচনী বিষয়া হিচাপে দায়িত্ব পালন কৰে। জেষ্ঠ্য প্ৰবক্তা পি কে ডিনি, মহাবীৰ প্ৰসাদ মালাহ, উচ্চ বৰ্গৰ সহায়ক সত্যজিৎ চুংক্ৰাঙ আদি পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি দায়িত্ব সম্পন্ন কৰে।

ইপিনে অলপতে সহকাৰী অধ্যাপক জিন্তু চুতীয়া আৰু ত্ৰিদিপ দলেৰ নেতৃত্বত আৰু সকলো শিক্ষক কৰ্মচাৰীৰ সহযোগত অনুষ্ঠিত হয় ডিমৌ চাৰি আলি কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন। নিৰ্বাচনত ক্ৰমে হেমন্ত গগৈ আৰু বিশাল ৰুদ্ৰ উপদেষ্টা, অৰুণ খটিয়ৰা উপ সভাপতি, জোতিৰাম মিলি সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়।

ইয়াৰ উপৰি পংকজ পামে গুৰু ক্ৰীড়া, স্বপ্না চেত্ৰী সমাজ সেৱা, প্ৰীতি পেগু লঘু ক্ৰীড়া, অঞ্জন নেপাল সহকাৰী সাধাৰণ সম্পাদক, লক্ষ্মী গিৰি সাহিত্য সম্পাদিকা, মাম্পি আৰ্য্য ছাত্ৰী জীৰণি চ'ৰা, ঠগিমায়া ৰাই সাংস্কৃতিক সম্পাদিকা আৰু অৰ্জুন চেত্ৰীক সাহিত্য সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়।

নৱনিৰ্বাচিত ছাত্ৰ প্ৰতিনিধিসকলক শুভেচ্ছা জনাই অধ্যয়নৰ লগতে ছাত্ৰ সমাজৰ কাম কৰি যাবলৈ আহ্বান জনাই মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ গজেন মিপুন আৰু উপাধ্যক্ষ খেলন্ত সোণোৱাল।

Also Read: ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰত চুৰিকাণ্ড

election Dimau silapathar