চিচিবৰগাঁৱত মুখ্যমন্ত্ৰীড° হিমন্ত বিশ্ব শৰ্মাক বিপুল আদৰণি

চিচিবৰগাঁৱত  মুখ্যমন্ত্ৰীড° হিমন্ত বিশ্ব শৰ্মাক বিপুল আদৰণি

ডিজিটেল সংবাদ ,ধেমাজিঃ বুধবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক চিচিবৰগাঁও ৰাইজে চিচিবৰগাঁওত বিপুল আদৰণি জনায়। চিচিবৰগাঁও ৰাইজৰ উন্নয়ন স্বাৰ্থত ৰাজহুৱা স্মাৰক পত্ৰ প্ৰদান কৰে।

উল্লেখ্য যে ধেমাজি জিলাৰ গোগামুখ আৰু ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ কাৰেং চাপৰিত অনুষ্ঠিত মিচিং যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ অহা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিয়লি গোগামুখৰ পৰা যুৱ মহোৎসৱ স্থলীলৈ গৈ থকা অৱস্থাতে চিচিবৰগাঁওৰ প্ৰায় পাঁচ শতাধিক ৰাইজে চিচিবৰগাঁওৰ চাৰিআলিত মুখ্যমন্ত্ৰী গৰাকীক বিপুল আদৰণি জনাই আৰু চিচিবৰগাঁও নতুন সমষ্টিৰ সদৰস্থান চিচিবৰগাঁওতে উপ- জিলাৰ কাৰ্য্যালয় আৰু কামকাজ হ'ব লাগে বুলি দাবী জনাই ৰাইজে এখনি স্মাৰকপত্ৰ প্ৰদান কৰে ৷

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই স্মাৰকপত্ৰ গ্ৰহণ কৰি কয় যে চিচিবৰগাঁও ৰাইজৰ দাবী আৰু চিচিবৰগাঁও উন্নয়নৰ স্বাৰ্থত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে ৷ উল্লেখ্য যে চিচিবৰগাঁও সমষ্টিটোৰ সদৰতে উপ-জিলাৰ কাৰ্য্যালয় আৰু কামকাজ স্থাপন কৰা দাবীত চিচিবৰগাঁওবাসী ৰাইজে ইতিমধ্যে আন্দোলন কৰি আহিছে বুলি মুখ্যমন্ত্ৰীগৰাকীক বিবৰি কোৱাৰ লগতে দীৰ্ঘদিন ধৰি স্থানীয় জনপ্ৰতিনিধিয়ে কৰি অহা প্ৰতাৰণা কথাও অৱগত কৰে ৷

চিচিবৰগাঁৱত  মুখ্যমন্ত্ৰীড° হিমন্ত বিশ্ব শৰ্মাক বিপুল আদৰণি
ত্ৰিপুৰাত ১৫০ কেজি গাঞ্জা জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in