/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/0c232bb9-0c8b-41e5-9931-7c8d8695a802/22.jpg)
ডিজিটেল সংবাদ,ধেমাজি : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ উদ্যোগত শনিবাৰে অসম ৰাজ্যিক পৰিবহন নিগমৰ ধেমাজিৰ বাছ আস্থানৰ সন্মুখত সুধাকণ্ঠৰ ড° ভূপেন হাজৰিকাৰ পূৰ্ণাংগ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্য্য হাজৰিকাই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/c81f72cf-47ec-46ad-b730-f954f52cd81e/e206eb35_dcab_4102_b969_777ef4e3e7c8.jpg)
ইয়াৰ আগেই উন্মোচনী সভা উদ্ধোধন কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইয়ে ৷ সভাৰ আঁত ধৰে ধেমাজি জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা তথা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি দেৱজিৎ দাসে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/e057d6c1-4419-4855-892d-255e0e9f9a0c/e89b0362_3a29_4be4_b778_347cd28136da.jpg)
উদ্ধোধনী ভাষণত সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে,অসমীয়া জাতিটোক সন্মুখৰ পৰাই নেতৃত্ব দি যোৱা নমস্য বক্তিসকলৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন সময়ত পদক্ষেপ লৈ আহিছে। এই কথা উল্লেখ কৰি আজি ধেমাজিতো সুধাকণ্ঠৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে বুলি জানিবলৈ দিয়ে।
প্ৰসংগক্ৰমে বক্তব্যত তেওঁ সুধাকণ্ঠৰ সৃষ্টিৰাজিক সযতনে জীয়াই ৰাখিবলৈ সকলোকে আহবান জনায় ৷ অসমৰ জাতীয় জীৱন সমৃদ্ধ কৰি যোৱা সুধাকণ্ঠৰ শনিবাৰে উন্মোচিত হোৱা প্ৰতিমূৰ্ত্তিৰ কাষতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিয়ে শীঘ্ৰে প্ৰতিষ্ঠা কৰিব ড° ভূপেন হাজৰিকা সংগ্ৰহালয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/28cfa5fd-fffb-48c1-bebc-a23793d13842/d5ca218f_d94c_4de4_8ed5_4aafeea2965a.jpg)
য’ত সুধাকণ্ঠৰ সৃষ্টিৰাজিৰ লগতে তেখেতৰ জীৱন দৰ্শন সম্পৰ্কেও নতুন প্ৰজন্মই অধ্যয়ন কৰাৰ সুবিধা পাব ৷ ইয়াৰোপৰি উন্মোচিত প্ৰতিমূৰ্তিৰ কাষতে সুধাকণ্ঠ সমন্বয় ক্ষেত্ৰ স্থাপন কৰি সেই স্থানত এক মুকলি মঞ্চ প্ৰস্তুত কৰাৰ পদক্ষেপ ল’বৰ বাবে সুধাকণ্ঠৰ প্ৰতিমূৰ্ত্তি উন্মোচনী সভাত উপস্থিত থকা ধেমাজি জিলা আয়ুক্তক গৰাকীক আহ্বান জনাই ধেমাজিবাসী ৰাইজে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/3b52cfdb-546a-493f-b54a-906b72b0da55/950a8ee7_3e0b_426e_8f3e_adef71a0fb40.jpg)
ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি সুধাকণ্ঠৰ সৈতে সান্নিধ্যৰ জীপাল মুহূৰ্ত্তবোৰ ৰোমন্থন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্য্য হাজৰিকাই ৷ সভাত ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালী,ধেমাজি পৌৰসভাৰ সভানেত্ৰী দ্বীপৰেখা দাস বাঘ্ৰীকে প্ৰমুখ্য কৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷
Also Read: সাৰ্বজনীন শ্ৰীশ্ৰী গোপাল কৃষ্ণ গৰখীয়া থানত শ্ৰীমদ্ভাগৱত পাঠ শ্ৰৱণ কীৰ্ত্তন