সাৰ্বজনীন শ্ৰীশ্ৰী গোপাল কৃষ্ণ গৰখীয়া থানত শ্ৰীমদ্ভাগৱত পাঠ শ্ৰৱণ কীৰ্ত্তন

সাৰ্বজনীন শ্ৰীশ্ৰী গোপাল কৃষ্ণ গৰখীয়া থানত শ্ৰীমদ্ভাগৱত পাঠ শ্ৰৱণ কীৰ্ত্তন

ডিজিটেল সংবাদ,বটদ্ৰৱা : বটদ্ৰৱাৰ সমীপৱৰ্তী শিঙিয়া দলনি সাৰ্বজনীন শ্ৰীশ্ৰী গোপাল কৃষ্ণ গৰখীয়া থানত শুকুৰবাৰৰ পৰা ৩দিনীয়া কাৰ্য্যসূচীৰে শ্ৰীমদ্ভাগৱত পাঠ শ্ৰৱণ কীৰ্ত্তন অনুষ্ঠিত হৈছে। ৩ নৱেম্বৰৰ পুৱা গায়ন-বায়ন, আইসকলৰ মংগল উৰুলিৰ মাজৰে ভাগৱত প্ৰতিষ্ঠা কৰা হয়।

ইয়াৰ পাছত ধৰ্মধ্বজা উত্তোলন,খোল প্ৰসঙ্গ,নাম প্ৰসঙ্গ অনুষ্ঠিত কৰা হয়। তাৰ পিছতেই ভাগৱত পাঠ আৰম্ভণি কৰা হয়। আনহাতে ৫ নৱেম্বৰৰ সামৰণি দিনা নিমন্ত্ৰিত নামতি দলৰ দিহানাম পৰিবেশন কৰা হ'ব বুলি আয়োজক সমিতিয়ে জনায়।

ইফালে শিঙিয়া দলনি সাৰ্বজনীন শ্ৰীশ্ৰী গোপাল কৃষ্ণ গৰখীয়া থানৰ ভাগৱত পাঠৰ সকলো কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে ভাগৱত পাঠ পৰিচালনা সমিতিৰ সভাপতি বিপুল চন্দ্ৰ নাথ আৰু সম্পাদক বিষ্ণু বৰা, সহকাৰী সম্পাদক বাবুলাল নাথে।

সাৰ্বজনীন শ্ৰীশ্ৰী গোপাল কৃষ্ণ গৰখীয়া থানত শ্ৰীমদ্ভাগৱত পাঠ শ্ৰৱণ কীৰ্ত্তন
বৰুৱাবামুণ গাঁও প্ৰেছ ক্লাৱৰ অধিৱেশন : অসমীয়া প্ৰতিদিনৰ সাংবাদিক বিকাশ শৰ্মালৈ বঁটা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in