ধেমাজিত ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান

ধেমাজিত ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান

ডিজিটেল সংবাদ,ধেমাজি : ৰাজ্যৰ অন্যান্য জিলাৰ লগতে ধেমাজি জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত আৰু মৰিঢল মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়ৰ সভাকক্ষত বৃহস্পতিবাৰে ড০ বাণীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিশেষ সফলতা দেখুওৱা মেধাৱী শিক্ষাৰ্থীসকলৰ স্কুটী বিতৰণৰ অনুষ্ঠানটি আনুষ্ঠানিকভাৱে অনুষ্ঠিত হয় ৷

মৰিঢল মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ভূপেন গগৈয়ে আঁত ধৰা বঁটা বিতৰণী সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিপেন শইকীয়াই ৷ উদ্দেশ্য ব্যাখ্যাত অধ্যক্ষ শইকীয়াই ধেমাজিত মুঠ ১০৯০ গৰাকী মেধা ছাত্ৰ -ছাত্ৰীক স্কুটি বিতৰণৰ ব্যৱস্থা কৰা হৈছে বুলি অৱগত কৰে ৷

সভাৰ আদৰণি ভাষণ দিয়ে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে ৷ আদৰণি ভাষণৰ মাজতে জিলা আয়ুক্তগৰাকীয়ে স্কুটি ল'বলৈ অহা মেধাবী শিক্ষাৰ্থীসকলক হেমলেট পৰিধান কৰাটো বাধ্যতামূলক কৰিবলৈ আহবান জনায় ৷

জিলাখনত সঘনাই সংঘটিত হৈ থকা বাইক দুৰ্ঘটনা সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি হেমলেট পিন্ধাটো অত্যন্ত প্ৰয়োজনীয় আৰু জৰুৰী বুলি উল্লেখ কৰে ৷ বক্তব্যত মহাবিদ্যালয়ৰ অধ্যক্ষসকলক অনুৰোধ জনাই হেমলেট পিন্ধি নোযোৱা ছাত্ৰ-ছাত্ৰীসকলক মহাবিদ্যালয়ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় ৷

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা অসম চৰকাৰৰ শ্ৰম আৰু কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণে শিক্ষাৰ্থীসকলক উদ্দেশ্যি বক্তব্য ৰাখি তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰে ৷ সভাত জিলা অতিৰিক্ত আয়ুক্ত ড° সঞ্জীৱ ফুকন,জিলা শিক্ষা বিষয়া কবিতা ডেকা , ধেমাজি জিলা নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ,চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লক্ষীনাথ পেগু,জোনাই মুকংচেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক দলে ,গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ ঝা,ধেমাজি ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰগোহাঁই আৰু জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰাজেশ্বৰ পেগু উপস্থিত থাকে ৷

সভাত শিক্ষাৰ্থী হিমাংশু চাংমাই আৰু জাহ্নৱী চমুৱাই ভাষণ দিয়ে ৷ শিক্ষাৰ্থীসকলক হাতত স্কুটী চাবি আৰু মানপত্ৰ আনুষ্ঠানিকভাৱে মন্ত্ৰী কিষাণে প্ৰদান কৰে ৷

ধেমাজিত ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান
হৰ্ণবিল মহোৎসৱত দেশী-বিদেশী পৰ্যটকক আদৰিবলৈ সাজু নাগালেণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in