ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে ধেমাজিত চিকিৎসকক সম্বৰ্ধনা..

ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে ভাৰতীয় ষ্টেট বেংক এচ বি আই লাইফ ধেমাজি শাখা দ্বাৰা চিকিৎসকসকলক সম্বৰ্ধনা অনুষ্ঠান...

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে ধেমাজিত চিকিৎসকক সম্বৰ্ধনা..

ডিজিটেল সংবাদ, ধেমাজিঃ ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে শনিবাৰে ভাৰতীয় ষ্টেট বেংক (এচ বি আই) লাইফৰ ধেমাজি শাখাৰ উদ্যোগত বেংকটোৰ প্ৰৱন্ধক ৰাজু পালৰ নেতৃত্বত কৰ্মচাৰীসকলে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত গৈ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকসহ চিকিৎসকসকলক ফুলাম গামোচা, উপহাৰ আৰু কেক কাটি শুভেচ্ছা জনায় ৷

Advertisment

এই উপলক্ষে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাখনিৰ আঁত ধৰে এচ বি আই লাইফৰ মিত্ৰ গীতাঞ্জলি দলে মিপুনে ৷ ইয়াৰ পিছতেই ভাৰতীয় ষ্টেট বেংক লাইফৰ প্ৰৱন্ধক ৰাজু পালে দেশৰ চিকিৎসকসকলক ভগৱানৰ সৈতে তুলনা কৰি মানুহৰ জীৱন ৰক্ষা কৰিব পৰা চিকিৎসকসকলক চিকিৎসক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি সু-স্বাস্থ্যৰ কামনা কৰে ৷

প্ৰৱন্ধক পালে প্ৰসংগক্ৰমে ক'ভিডৰ সময়ত চিকিৎসসকলে নিজৰ জীৱনটোও উৎসৰ্গা কৰি ৰোগীসকলৰ কাৰণে দিনে-ৰাতিয়ে ত্যাগ স্বীকাৰ কৰাৰ কথা অৱগত কৰে ৷ অনুষ্ঠানত জিলা স্বাস্থ্য সেৱা যুটীয়া সঞ্চালক ডাঃ সৌৰভ গগৈয়েও তেওঁলোকৰ শুভেচ্ছা গ্ৰহণ কৰি এচ বি আই লাইফৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰে ৷ অনুষ্ঠানত জিলা স্বাস্থ্য সেৱা যুটীয়া সঞ্চালকৰ লগতে মহকুমাৰ স্বাস্থ্য বিষয়া ডাঃ যোগেন দাস, চিকিৎসক ক্ৰমে ডাঃ সুভাষ সেন, ডাঃ কুল চুতীয়া, ডাঃ বিজু বৰুৱা, ডাঃ কৰবী গোহাঁই গগৈ, ডাঃ লক্ষ্য সন্দিকৈ, ডাঃ ধৰ্মকান্ত দেউৰী আৰু ডাঃ ৰাজ কুমাৰ টায়ে উপস্থিত থাকে ৷

Also Read: বহিঃ ৰাষ্ট্ৰলৈ অসমৰ মিথানল: ফ্লেগ অফ মুখ্যমন্ত্ৰীৰ...

state bank of india