দিপ্তী বুঢ়াগোহাঁইৰ মৃত্যুত গোহাঁইচাপৰিত শোকৰ ছাঁ...

দিপ্তী বুঢ়াগোহাঁইৰ মৃত্যুত গোহাঁইচাপৰিত শোকৰ ছাঁ...
দিপ্তী বুঢ়াগোহাঁইৰ মৃত্যুত গোহাঁইচাপৰিত শোকৰ ছাঁ...

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত ঘূগুহা গাওঁ পঞ্চায়তৰ অধীনৰ গোহাঁইচাপৰি গাৱঁৰ দিপ্তী বুঢ়াগোহাঁই নামৰ ৫২ বছৰ বয়সৰ মহিলা গৰাকী দেওবাৰে পুৱা নিজ গৃহতে পৰলোকপ্ৰাপ্তি হয়৷

বিগত কেইবামাহো ধৰি ৰোগত ভূগি থকা দিপ্তীয়ে বুঢ়াগোহাঁইয়ে অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে। গাওঁখনৰ অতি সহজ সৰল নিমাখিত দিপ্তী বুঢ়াগোহাঁইৰ মৃত্যুয়ে সমগ্ৰ অঞ্চলটোতেই গভীৰ শোকৰ ছাঁ পেলাইছে৷

মৃত্যুৰ সময়ত তেওঁ স্বামীৰ সৈতে চাৰি গৰাকী জীয়ৰী, শাহু ,দেউৰ, জোঁৱাই নাতি-নাতিনীৰ লগতে পৰিয়ালৰ অনেকজনক এৰি গৈছে ৷

দিপ্তী বুঢ়াগোহাঁইৰ মৃত্যুত গোহাঁইচাপৰিত শোকৰ ছাঁ...
জামুগুৰিহাটত কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্দ্ধনা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in