
ডিজিটেল সংবাদ, ধেমাজিঃ মঙ্গলবাৰে বিয়লি ৪.০০ বজাত ধেমাজি গ্ৰাম্য অভিকৰণৰ সভাকক্ষত অসম আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান জি.পি.সিঙৰ সৈতে ধেমাজি আৰু লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকসহ অন্যান্য আৰক্ষী বিষয়াসকলকলৈ এক বিশেষ পৰ্যালোচনা বৈঠকত অনুষ্ঠিত হয় ৷ বৈঠকৰ অন্তত সংবাদমাধ্যমৰে হোৱা বাৰ্তালাপত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে মন্তব্য কৰে যে- অসমৰ পৰা সেনাবাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ বাবে অসম আৰক্ষীয়ে বিশেষভাৱে কেন্দ্ৰক আহ্বান জনাইছে।
তেওঁ লগতে কয় য- এই আইন (AFSPA) প্ৰত্যাহাৰৰ পিছত সৃষ্টি হ'ব পৰা যিকোনো ধৰণৰ পৰিৱেশৰে মোকাবিলা কৰিবৰ বাবে অসম আৰক্ষীক সাজু কৰাৰ চেষ্টা কৰা হৈছে ৷ তদুপৰি তেওঁ ২০০৪ চনত ধেমাজিত হোৱা বোমা বিস্ফোৰণৰ ঘটনাৰ বাবে ধেমাজি নিম্ন আদালতে দোষী সাব্যস্ত কৰা সকলক গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দোষী ঘোষণা কৰাৰ পিছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে উচ্চ ন্যায়ালৰ ৰায়ৰ বিপৰীতে উচ্চতম ন্যায়ালয়ত এছ এল পি (Special Leave Petition) দিয়াৰ বাবে যাৱতীয় ব্যৱস্থা কৰা হৈছে বুলিও জানিব দিয়ে৷
আনহাতে আৰক্ষীৰ মাজত বি এম আই টেষ্ট অনুষ্ঠিত হোৱাৰ সন্দৰ্ভতো নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- প্ৰতি বছৰে ১৬ আগষ্টৰ পৰা আৰক্ষীৰ মাজত বি এম আই টেষ্ট কৰা হ'ব। এতিয়াও বি এম আই টেষ্টত তেওঁ সম্পূৰ্ণভাৱে সন্তুষ্ট নহয় বুলি উল্লেখ কৰি কিছুসংখ্যক আৰক্ষীক পুনৰ এই টেষ্ট কৰা পিছতহে সম্পূৰ্ণ ফলাফল পোহৰলৈ আহিব জনায় ৷ প্ৰসংগক্ৰমে সঞ্চালক প্ৰধানগৰাকীয়ে শীঘ্ৰেই ৰাজ্যৰ আৰক্ষী চকীসমূহক পৰ্যাপ্ত সুবিধাৰে আৰক্ষী থানালৈ উন্নীত কৰাৰ কথাও প্ৰকাশ কৰে ৷