কাৰ্বি ভাষাৰ সন্দৰ্ভত ডিফুত আলোচনা চক্ৰৰ আয়োজন

কাৰ্বি ভাষাৰ সন্দৰ্ভত ডিফুত আলোচনা চক্ৰৰ আয়োজন

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি ভাষা হেৰাই যোৱাৰ উপক্ৰম হোৱাৰ বাবেই আৰু কাৰ্বি মাতৃভাষা জীয়াই ৰখাৰ স্বাৰ্থত অহা ২৩ আৰু ২৪ ছেপ্টেম্বৰত ডিফু ক্লাবত দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি ভাষাৰ ওপৰত আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। শনিবাৰে এক সংবাদমেলৰ যোগেদি এই কথা অৱগত কৰে কাৰ্বি লামেত আমেইৰ লুম্বাজং লংৰি আমেইৰ সভাপতি চাৰছিং ইংতিয়ে।

সংবাদমেলৰ যোগেদি কাৰ্বি লামেত আমেইৰ ডিফু আঞ্চলিক শাখাৰ উপ-সভাপতি মনোজ টেৰণো কয় যে- কাৰ্বিসকলৰ কাৰ্বি ভাষা সঠিক ৰূপত ব্যৱহাৰ নোহোৱাৰ বাবে লিখিত আকাৰত প্ৰকাশ কৰা আৰু ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বহু অসুবিধা হয়। সেই বাবেই কাৰ্বি ভাষাক সংশোধন কৰি শুদ্ধ ৰূপত ব্যৱহাৰ কৰিবৰ বাবে দুদিনীয়াকৈ কাৰ্বি ভাষাৰ ওপৰত আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে।

আলোচনা চক্ৰত পদ্মশ্ৰী ৰংবং তেৰাং, পদ্মশ্ৰী ধনেশ্বৰ ইংতি, ড° ধৰমছিং টেৰণ আদিক নিমন্ত্ৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। উল্লেখ্য সংবাদমেলত কাৰ্বি লামেত আমেইৰ লুম্বাজং লংৰি আমেইৰ সভাপতি চাৰছিং ইংতি, কাৰ্বি লামেত আমেইৰ ডিফু আঞ্চলিক শাখাৰ উপ-সভাপতি মনোজ টেৰণ, ৰামছিং টেৰণ, হাৰছিং টকবি আদি উপস্থিত থাকে ।

কাৰ্বি ভাষাৰ সন্দৰ্ভত ডিফুত আলোচনা চক্ৰৰ আয়োজন
"ONGC গাড়ী নিবিদাত ছিণ্ডিকেট চলিবলৈ দিয়া নহ’ব"- জাতীয় সংগ্ৰামী সেনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in