/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/69047150-6097-4890-8b95-24f32daa9f95/bhawna.jpg)
ভাঙনা প্ৰদৰ্শন
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিৰ অন্যতম সাংস্কৃতিক গোষ্ঠী থিয়েটাৰী ৰং থিয়েটাৰী ধং নাট্য বিদ্যালয়ৰ শিক্ষাৰ্থী তথা শিশু সকলৰ দ্বাৰা শনিবাৰে সন্ধিয়া ভদ্ৰপৰাস্থিত নাট্য বিদ্যালয়ত “বৃন্দাবন মুৰাৰী” নামৰ এখনি ভাওনা প্ৰদৰ্শন কৰা হয় ।
ভাওনাখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰে নাট্য বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ৷ ভাওনাখন পৰিচালনা কৰে বিষ্ণুপুৰৰ প্ৰশান্ত বৰা , ৰূপজ্যোতি বৰা আৰু তেওঁলোকৰ সহযোগীসকলে ৷
ভাওনা আৰম্ভ হোৱাৰ আগে ভেহপৰা গাওঁৰ গায়নীয়া দলে গায়ন-বায়নৰ প্ৰদৰ্শন কৰে । অনুষ্ঠানৰ আগতে মঞ্চ মুকলি কৰে দুলীয়াজানৰ “পথাৰ” নাট্য গোষ্ঠীৰ সঞ্চালক পবিত্ৰ চেতিয়াই ৷
অনুষ্ঠানত নাট্য কৰ্মী ৰঞ্জন বৰা, থিয়েটাৰী ৰং থিয়েটাৰী ধঙৰ সভাপতি তথা বিশিষ্ট নাট্যকাৰ বলীন বৰগোহাঞি, উপন্যাসিক দীপক গগৈ আৰু ক্ৰীয়া পেঞ্চনাৰ লক্ষেশ্বৰ কোৱঁৰক সম্বধৰ্না জনোৱা হয় ৷
অনুষ্ঠানটি আতঁ ধৰে ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী তথা থিয়েটাৰী ৰং থিয়েটাৰী ধঙৰ সদস্যা ও শিল্পী জোনমনি হাজৰিকাই ৷
অনুষ্ঠানটিৰ সামগ্ৰীকভাৱে পৰিকল্পনা আৰু পৰিচালনা কৰে থিয়েটাৰী ৰং থিয়েটাৰী ধঙৰ সম্পাদক ৰূপান্ত বৰপাত্ৰগোহাঁই, মৌচুমী বৰপাত্ৰগোহাঁই, দিপাঞ্জঁলী বৰপাত্ৰগোঁহাইৃ, ভূপেন হাজৰিকা, ববিতা দত্ত চেতিয়াই ৷
উল্লেখ্য যে অনুষ্ঠানৰ আগদিনা নাট্য বিদ্যালয়খনৰ নিজা গৃহৰ দ্বাৰ উন্মোচন কৰে ভেহপৰা গাওঁৰ ভকত সকলে এভাগি শৰাইয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/e4d337e1-b87c-4b6c-b8dd-13a6990ff1d0/01e8e098_507b_44d3_9905_765d5fca6b2a.jpg)
Also Read: বঙাইগাঁও বিজেপিত বিসম্বাদ, ৪গৰাকী উপ-সভাপতিসহ মুঠ ১৮ গৰাকীৰ পদত্যাগ...