
ডিজিটেল ডেস্কঃ বঙাইগাঁও বিজেপিত বিসম্বাদৰ উকমুকনি । জিলা সভানেত্রীৰ বিৰুদ্ধে একনায়কত্ববাদৰ অভিযোগ উত্থাপন হৈছে ।
লগতে সভাপতিগৰাকীয়ে নিজ স্বামীক লৈ বিভিন্ন কাম- কাজত জড়িত থকাৰ অভিযোগ উত্তাপিত হৈছে ৷ যাৰ ফলত এই বিসম্বাদ অধিক বৃদ্ধি পোৱাত সহায় কৰিছে ।
ইতিমধ্যেই ৰাজ্যিক বিজেপিৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে পদত্যাগী একাংশ নেতা, বিষয়ববীয়াই । একনায়কত্ববাদৰ অভিযোগ উত্থাপিত হৈছে জিলা সভাপতিগৰাকীৰ বিৰুদ্ধে ৷ মন্ত্ৰী ৰঞ্জিত দাসৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে একাংশ বিষয়া কৰ্মচাৰীই ।
এই বিসম্বাদে মুকলি বিদ্ৰোহলৈ পৰিণত হোৱাৰ খবৰ লাভ কৰি শনিবাৰে নিশা সভাপতি হিমানী অধিকাৰীৰ বাসগৃগত বিসম্বাদ ৰোধ কৰিবলৈ নিশা এক বজালৈ চলিছিল বৈঠিক ৷
বিশেষ সূত্ৰত প্ৰকাশিত শেহতীয়া খবৰ অনুসৰি মুঠ ১৮ গৰাকীকৈ নেতাই শেহতীয়াকৈ ৰাজ্যক সভাপতিলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ ৷ যদিহে এই খবৰ সঁচা হয় তেনেহলে নিশ্চিতভাবে এনে বিসম্বাদে বিজেপিৰ দলটোক প্ৰভাৱ পেলাব ।