ধেমাজিত বোৱাৰীয়ে ল'লে চৰমপন্থা ! অভিযুক্ত স্বামীক গ্ৰেপ্তাৰ

ধেমাজিত বোৱাৰীয়ে ল'লে চৰমপন্থা ! অভিযুক্ত স্বামীক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ,ধেমাজি : ধেমাজি সদৰ আৰক্ষী থানাৰ পৰা প্ৰায় আঢ়ৈ কিলোমিটাৰ নিলগৰ খুৱলীয়া গাঁৱত শুক্ৰবাৰে বিয়লি সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। গাঁৱখনৰ নৱ বিবাহিতা এগৰাকী বোৱাৰীয়ে আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টিৰ কৰিছে ৷

ধেমাজি খুৱলীয়া গাঁৱৰ নৱ বিবাহিতা তৰালীৰ আত্মহত্যাৰ খবৰে এতিয়া অঞ্চলজুৰি চেপা উত্তেজনাৰ সৃষ্টি কৰিছে। জানিব পৰামতে উক্ত ঘটনা সংঘটিত হোৱাৰ পাছত স্বামী গৃহই খবৰ দিয়া নাছিল তৰালীৰ পিতৃ-মাতৃক।

অৱশ্যে বহু পলমকৈ তথা সন্ধিয়া  ৬-০০ বজাতহে তৰালীৰ আত্মহত্যাৰ ঘটনা সম্পৰ্কে পিতৃ-মাতৃয়ে খবৰ পায় ৷ ইয়াৰ পাছতে ততাতৈয়াকৈ তৰালীৰ পিতৃ-মাতৃয়ে গৈ এক অনাকাঙ্খিত দৃশ্য প্ৰত্যক্ষ কৰে।

পৰিয়ালৰ ভাষ্য অনুসৰি তৰালী এডাল ৰচীৰে চিলিং ফেনত আত্মহত্যা কৰা অৱস্থাত দেখা পায়। আনহাতে তৰালীৰ দেহ আৰু কৰঙণত আঘাতৰ চিহ্ন আৰু বিচনাত কেঁচা তেজ পৰি থকা দেখিবলৈ পায় বুলি উল্লেখ কৰে ৷

ইফালে ঘটনাৰ পিছতেই তৰালীৰ স্বামী ৰমেশ গগৈয়ে ঘৰৰ পৰা পলায়ন কৰে ৷ এনে অৱস্থাত ততাতৈয়াকৈ তৰালীৰ পিতৃ-মাতৃয়ে ঘটনাৰ সম্পৰ্কে আৰক্ষীক অৱগত কৰাত আৰক্ষী আৰু দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হয় ৷

বহু ৰাতিপৰ্যন্ত ৰমেশৰ ঘৰৰ সমুখত ইয়াৰ উচিত বিচাৰৰ দাবীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ৰাতিয়েই আৰক্ষী আৰু দণ্ডাধীশৰ সাক্ষাতত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে ধেমাজি অসামৰিক চিকিৎসাৰলৈ প্ৰেৰণ কৰে ৷

ৰাতি ১২বজাপৰ্যন্ত ৰমেশৰ ঘৰৰ সমুখত পৰিস্থিতি উত্তপ্ত হৈ পৰে ৷ উপায়ন্তৰ হৈ আৰক্ষীয়ে ৰাতিয়েই ব্যাপক তালাচী চলাই পলায়ন কৰা ৰমেশ গগৈক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা ৰমেশক আৰক্ষীয়ে সোধা-পোছাৰ অব্যাহত ৰাখিছে ৷ আনফালে তৰালীৰ আত্মহত্যাকলৈ বিষয় জটিল হৈ পৰাত ধেমাজি অসামৰিক চিকিৎসালয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় ,ডিব্ৰুগড়ৰলৈ প্ৰেৰণ কৰে ৷

জানিব পৰা মতে শনিবাৰে সন্ধিয়াপৰ্যন্ত মৃতদেহ আৰু মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আহি পোৱা নাই ৷ তৰালীৰ মৃত্যুৰ বিষয়টো কোনো পধ্যেই আত্মহত্যা নহয়, তাইক  হত্যা কৰা  হৈছে বুলি পিতৃ গৃহৰ পৰিয়ালে অভিযোগ কৰিছে ৷

ইয়াৰ উপৰিও তৰালীৰ মাতৃ আৰু বায়েকে জানিবলৈ দিয়ে যে বিগত ১৪মাহৰ পূৰ্বে ১৮ বছৰ নৌহওঁতেই ৰমেশে পলুৱাই লৈ গৈছিল ৷ এনে ঘটনাৰ পিছতেই তৰালী পিতৃয়ে স্থানীয় খুৱলীয়া গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ জৰিয়তে ধেমাজি সদৰ আৰক্ষী থানাত জীয়েকক  উদ্ধাৰ কৰি আনিবৰ বাবে এজাহাৰ দাখিল কৰিছিল।

আৰক্ষীয়ে তেতিয়া কোনো পদক্ষেপ কিয় লোৱা নাছিল বুলি অভিযোগ কৰে তৰালীৰ পৰিয়ালে ৷

"মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ বাল্য বিবাহৰ বিষয়টো গুৰুত্বসহকাৰে লোৱা পিছতো মোৰ ছোৱালী উদ্ধাৰৰ ক্ষেত্ৰত কিয় আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহন নকৰিলে, ইয়াৰ বিচাৰ মোক লাগে" বুলিও তৰালীৰ মাতৃয়ে ক্ষোভ প্ৰকাশ কৰে ৷

ইতিমধ্যে তৰালীক হত্যাৰ অভিযোগত স্বামী ৰমেশ গগৈ ,মাক সুমিত্ৰা গগৈ ,ভায়েক কৃষ্ণ গগৈৰ বিৰুদ্ধে ধেমাজি সদৰ থানাত তৰালীৰ পিতৃ ভৱেন কোঁচে এজাহাৰ দাখিল কৰিছে ৷

ধেমাজিত বোৱাৰীয়ে ল'লে চৰমপন্থা ! অভিযুক্ত স্বামীক গ্ৰেপ্তাৰ
অৱসৰী শিক্ষক কৰুণা কান্ত মজুমদাৰৰ বিয়োগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in