অৱসৰী শিক্ষক কৰুণা কান্ত মজুমদাৰৰ বিয়োগ

অৱসৰী শিক্ষক কৰুণা কান্ত মজুমদাৰৰ বিয়োগ

ডিজিটেল সংবাদ,পাটাছাৰকুছি : পাটাছাৰকুছি বিদ্যাপীঠৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰী কৃতি শিক্ষক তথা বিষয় শিক্ষক কৰুণা কান্ত মজুমদাৰ আৰু নাই। পাঠশালা নিবাসী মজুমদাৰে শনিবাৰে বিয়লি ২-০০ বজাত গুৱাহাটীৰ এখন চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে ৷

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল প্ৰায় ৭৬ বছৰ ৷ উল্লেখ্য যে প্ৰয়াত মজুমদাৰ পাটাছাৰকুছি বিদ্যাপীঠৰ প্ৰাক্তন শিক্ষক, অসম বিজ্ঞান সমিতিৰ আজীৱন সদস্য, অসম বিজ্ঞান সমিতি পাটাছাৰকুছি শাখাৰ প্ৰাক্তন উপসভাপতি আছিল ৷ ২০০৬ চনৰ ৩০ জুনত চাকৰিৰ পৰা অৱসৰ লৈছিল মজুমদাৰে ৷

১৯৪৮ চনৰ পহিলা জুলাইত জন্মগ্ৰহণ কৰা মজুমদাৰৰ শিক্ষণ শৈলী পাটাছাৰকুছি বিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰীয়ে কেতিয়াও পাহৰিব নোৱাৰে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, এগৰাকী পুত্ৰ, দুগৰাকী জী-জোঁৱাই আৰু অনেক গুণমুগ্ধক ইহসংসাৰত এৰে থৈ যায় ৷

এসময়ত পদাৰ্থ বিজ্ঞান বুলিলে ভয় খোৱা ছাত্ৰ-ছাত্ৰীক ছাৰে বিষয়টো পানী যেন কৰি দিব পৰা কথাটো আজিও তেখেতৰ ছাত্ৰ-ছাত্ৰীসকলৰ মুখে মুখে শুনা যায় । পাটাছাৰকুছি বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী গোটৰ লগতে পাটাছাৰকুছি শাখা সাহিত্য সভাই তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

অৱসৰী শিক্ষক কৰুণা কান্ত মজুমদাৰৰ বিয়োগ
আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল নগাঁৱৰ ছাত্ৰ প্ৰজ্ঞাত জ্যোতি শইকীয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in