/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/9dfc69ed-9957-439d-99c7-aa11eaae590a/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা তৃণমূল কংগ্ৰেছৰ উদ্যোগত জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰেক্ষাগৃহত শুকুৰবাৰে বিয়লি ১.০০ বজাত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ উপস্থিতিত অনুষ্ঠিত হয় এক যোগদান কাৰ্যসূচীৰ ৷ ধেমাজি জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি বাবুল সোনোৱালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা দলৰ যোগদান কাৰ্যসূচী সভাত জিলাখনৰ পঞ্চায়তৰ উপ-সভাপতি, ৱাৰ্ড মেম্বাৰ, বিজেপি বুথৰ সভাপতি, অগপ আৰু কংগ্ৰেছৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে আনুষ্ঠানিক ভাৱে তৃণমূল কংগ্ৰেছ দলত যোগদান কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/427f2a14-477f-4bd8-aa77-34eb593f57c6/b13f6135_a74b_4a45_aa08_bcbecac37131.jpg)
জিলাখনৰ প্ৰায় ৫শতাধিক কৰ্মীৰ উপস্থিতত অনুষ্ঠিত হোৱা যোগদান কাৰ্যূচী সভাত প্ৰদেশ তৃনমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই কয় যে- ৰাজ্যত ইখনৰ পিছত সিখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চমক সৃষ্টি কৰিছে যদিও তাৰ বিপৰীত ইয়াক চলাবলৈ ৰাজ্যত প্ৰয়োজনীয় কোনো অধ্যাপক, চিকিৎসক, নাৰ্চ, টেকনিচিয়ানৰ ব্যৱস্থা নাই ৷ একমাত্ৰ কমিছনৰ অংকৰ বাবেহে নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে বুলি তেওঁ অভিযোগ কৰিছে ৷ প্ৰসংগক্ৰমে প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি বৰাই অসম মন্ত্ৰী সভাৰ কেবিনেট মন্ত্ৰীসকলে কেৱল ফুলদানিৰ দৰে থাকিবলগীয়া হোৱা অৱস্থাৰ কথা অৱগত কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ওৱান মেন আৰ্মিৰ দৰেই ৰাজ্যৰ শাসন ব্যৱস্থা চলাইছে বুলি কয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/5e710cf8-1fd2-4abf-851a-dbc0a364793c/f72d1538_f784_414e_bf13_54e40209e2d1.jpg)
ইফালে ৰাজ্যৰ হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ হোৱাৰ দিশে আগবঢ়াৰ বিপৰীতে অসম চৰকাৰে পৰোক্ষভাৱে ইয়াকে কামনা কৰিছে যাতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে সুন্দৰকৈ উত্থান হয় ৷ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ১০কোটি টকাৰ ৰাজ সাহায্য লৈ নিৱনুৱা তথা কৃষকক বঞ্চিত কৰা লগতে ভূমি আইনকো উলংঘা কৰি ভূমি ক্ৰয় কৰাৰ এক গুৰুতৰ অভিযোগ কৰিছে তৃণমূল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/a3a3f1e8-8583-4c3e-a194-7cfda5cf574b/97217747_8dab_47dd_bdde_13c17447e050.jpg)
ধেমাজিত সাংবাদিকসকলৰ সৈতে তৃণমূল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে হোৱা বাৰ্তালাপত তেওঁ এই ক্ষেত্ৰত তৎকালীনভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিৰোধী দলৰ নেতা তথা অন্যান্য সকলক যেনেদৰে চি বি আই, ইডি তদন্ত কৰাইছে, ঠিক একেদৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ওপৰতো চি বি আই অথবা ই ডি তদন্ত কৰিবলৈ তেওঁ দাবী জনাইছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/8c1b7fe9-914b-41ae-a46e-e8bcb54c2be5/42c565da_3653_4423_9a9f_59b622fc1627.jpg)
শুকুৰবাৰে অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীৰ সভাত তৃণমূল প্ৰদেশ কংগ্ৰেছৰ কোষাধ্যক্ষ ঘন কান্ত চুতীয়া, ৰাজ্যিক তৃণমূল মহিলা কংগ্ৰেছৰ সম্পাদিকা ৰুনু বৈশ্য, জিলা তৃণমূল মহিলা কংগ্ৰেছৰ গুৱাহাটীৰ সভানেত্ৰী ৰেখা বৰগোহাঁই, তৃণমূল মহিলা কংগ্ৰেছৰ ধেমাজি জিলা সমিতিৰ সভানেত্ৰী নিকুমনি শইকীয়া, জিলা তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাজ কুমাৰ টাওকে ধৰি ধেমাজি জিলা তৃণমূল কংগ্ৰেছৰ বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে ৷
Also Read: সমাজসেৱক সুদীপ কুমাৰ কুণ্ডুলৈ ৰাষ্ট্ৰীয় সেৱাৰত্ন-২০২৩ বঁটা