সমাজসেৱক সুদীপ কুমাৰ কুণ্ডুলৈ ৰাষ্ট্ৰীয় সেৱাৰত্ন-২০২৩ বঁটা

সমাজসেৱক সুদীপ কুমাৰ কুণ্ডুলৈ ৰাষ্ট্ৰীয় সেৱাৰত্ন-২০২৩ বঁটা

ডিজিটেল সংবাদ, ধুবুৰীঃ মৰ্যাদা পুৰুষোত্তম প্ৰভু শ্ৰী ৰাম চহৰৰ অযোধ্যা ধামত সমাজসেৱা আৰু ৰক্তদানৰ ক্ষেত্ৰত ধুবুৰীৰ নিবাসী সুদীপ কুমাৰ কুণ্ডুৰ উল্লেখযোগ্য অৱদানৰ বাবে তেওঁক ৰাষ্ট্ৰীয় সেৱাৰত্ন-২০২৩ বঁটাৰে সন্মানিত কৰা হয় । এই মেগা অনুষ্ঠানত অৰ্জুন বঁটা বিজয়ী হকী খেলুৱৈ অশোক ধ্যান চান্দ (অলিম্পিয়ান), সিংৰামাউ ৰাণী আৰু শিক্ষাবিদ ড° অঞ্জু সিং আৰু পৌৰসভা অধ্যক্ষ সঞ্জু সিং উপস্থিত থাকে।

ৰাম কৃষ্ণ সেৱা ফাউণ্ডেশ্যন আৰু মেজৰ ধ্যানচান্দ খেল উত্থান সমিতিৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত সুদীপ কুমাৰ কুণ্ডুক প্ৰমাণ পত্ৰ আৰু মমেণ্টৰ সৈতে সন্মানিত কৰা হয়। উল্লেখ্য যে এই বঁটা সংগঠনৰ সকলো বন্ধু-বান্ধৱীলৈ উৎসৰ্গা কৰি কুণ্ডুৱে আয়োজক সমিতিৰ কৰ্মীসকলক অসমৰ গামোছাৰে সম্বৰ্ধনা জনায়। এই অনুষ্ঠানত দেশৰ বিভিন্ন ৰাজ্যৰ ৰক্তবীৰ আৰু সমাজকৰ্মীসকল উপস্থিত থাকে।

সমাজসেৱক সুদীপ কুমাৰ কুণ্ডুলৈ ৰাষ্ট্ৰীয় সেৱাৰত্ন-২০২৩ বঁটা
উন্নয়ণমুখী লক্ষ্যৰে মাধপুৰ পঞ্চায়তৰ বিশেষ পদক্ষেপ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in